/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/fc881b80-f13f-431b-a3b0-6816d0c31566/boko_police_station.jpg)
ডিজিটেল সংবাদ, বকো : বকোত ৰবিবাৰে ৰাতিপুৱা আৰক্ষীৰ বেষ্টনীৰ পৰা পলায়ন কৰিছিল এটি চুৰে । বকোৰ অন্তৰ্গত জামবাৰী পহৰা চকীৰ পৰা পলায়ন কৰিছিল আলীম আলি (২৫) নামৰ চোৰটোৱে । পুৱতি নিশা আৰক্ষীৰ নিদ্ৰাৰত অৱস্থাৰ সুযোগতেই হাতত লাগি থকা হেণ্ডকাফৰ সৈতেই পলায়ন কৰিছিল আলীম আলিয়ে ।
উল্লেখ্য যে, শনিবাৰে জামবাৰীৰ আন্ধেৰীটাৰীৰ পৰা ছাগলী চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল চোৰটোক । আনহাতে, এটি বিশেষ সূত্ৰই দিয়া তথ্য অনুসৰি ড্ৰাগছ সৰবৰাহৰ দৰে অপৰাধৰ সৈতেও জড়িত আছিল আলীম আলি ।
পাছত গৰৈমাৰীৰ হাতীশলাৰ পৰা আটক কৰা হয় পলায়ন কৰা চোৰটোক ।