চতিয়াৰ নামঘৰত চোৰৰ চাফাই অভিযান

চতিয়াৰ নামঘৰত চোৰৰ চাফাই অভিযান

author-image
Asomiya Pratidin
New Update
চতিয়াৰ নামঘৰত চোৰৰ চাফাই অভিযান

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ সঘনাই চোৰে উপদ্ৰপ চলাই আহিছে জামুগুৰিহাটত। বৃহস্পতিবাৰে নিশা চোৰে নামঘৰত প্ৰবেশ কৰি নামঘৰৰ দানপাত্ৰ ভাঙি প্ৰায় ২০ হাজাৰৰো অধিক টকাৰ লগতে নামঘৰত থকা ৯ যোৰ ৰূপৰ ফুলি আৰু অন্যান্য সামগ্ৰী লুটি লৈ যায় ৷

চতিয়াৰ থানাৰ পৰা মাত্ৰ কেইমিটাৰ মান নিলগৰ এই নামঘৰটোত চোৰে চলোৱা এই চুৰিকাণ্ডক লৈ অঞ্চলটোত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ সচেতন ৰাইজৰ অভিযোগ, চতিয়া আৰক্ষীৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই চতিয়াত সঘনাই সংঘটিত হৈ আহিছে ইটোৰ পিছত সিটো চুৰিকাণ্ডৰ ঘটনা ৷ নিশা চতিয়া আৰক্ষী নিদ্ৰা মগ্ন হৈ থকাৰ বাবেই এনে চুৰিকাণ্ড সংঘটিত হৈ অহাৰ অভিযোগ।

Also Read: আহি আছে 'বিপৰ্যয়'! পাকিস্তানবাসীকো মন্ত্ৰীৰ সতৰ্কবাণী

Assam police