ঢকুৱাখনা আৰক্ষীৰ সাফল্য : চোৰ সহ চুৰি সামগ্ৰী উদ্ধাৰ...

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনা আৰক্ষীৰ সাফল্য : চোৰ সহ চুৰি সামগ্ৰী উদ্ধাৰ...

ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা নগৰত এচাম কম বয়সীয়া যুৱক আৰু কিশোৰ সহজলভ্য ধনৰ লোভত পৰি অবাটে গতি কৰি নিজৰ লগতে সামাজিক পৰিবেশ বিঘ্নিত কৰি তুলিছে। অভিভাবকৰ গুৰুত্বহীনতা আৰু বেপৰোৱা দৃষ্টিভংগীৰ পৰিণতিত নগৰাঞ্চলৰ এনেচাম বিপথ গামী যুৱক , কিশোৰ এতিয়া নামি পৰিছে চৌর্য বৃত্তিৰে ধন ,সম্পত্তি সংগ্ৰহত। বিগত সময়ত এনে  বহু কেইটা নাবালক চোৰ ঢকুৱাখনা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি  ন্যায়িক হেফাজতলৈ প্ৰেৰণ কৰাৰ পাছত পুনৰ এনে কাণ্ডৰ পুনৰাবৃত্তি ঘটিলে ঢকুৱাখনা নগৰত । 

Advertisment

মঙ্গলবাৰে দুপৰীয়া নগৰৰ কচু গাঁওৰ পুতুল শইকীয়াৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি ভিতৰত প্ৰৱেশ কৰি চোৰে বহু পৰিমাণৰ ধন সোন , আ অলংকাৰ লুট কৰি উধাও হয়। দিন দুপৰতে এনেদৰে চোৰৰ চাফাই অভিযান বহু সময়ৰ পাছত প্ৰত্যক্ষ কৰি  দুৰ্ভগীয়া শইকীয়াই সদৰ থানাত এক এজাহাৰ দাখিল কৰে। উল্লেখ্য যে চোৰে শইকীয়াৰ ঘৰৰ পৰা কিছু সংখ্যক পুৰণি বাতৰি কাকতো লুট কৰি নি পৰৱৰ্তী সময়ত নগৰ চাৰি আলিৰ এখন দোকানত বিক্ৰী কৰে।

এই সন্দৰ্ভত ভুক্তভোগী শইকীয়া আৰু অন্য ব্যক্তিয়ে অনুসন্ধান চলাই বিক্ৰী কৰা দোকানখন চিনাক্ত কৰি আৰক্ষীক অৱগত কৰে। এই পুৰণি বাতৰি কাকত বিক্রেতাৰ পৰা তথ্য সংগ্ৰহ কৰি আৰক্ষীয়ে ওৰে নিশা অভিযান চলাই বুধবাৰে পুৱা ৰাজীৱ দাস ওৰফে কানাই (২৫) আৰু পংকজ কোঁৱৰ (১৪)ক আটক কৰিবলৈ সক্ষম হয় । ঢকুৱাখনা সদৰ থানাত পঞ্জীভূত গোচৰ (নং-১৫৮/২০২২)ৰ ভিত্তিত দুয়োটা চোৰক গ্ৰেপ্তাৰ কৰি চলোৱা অভিযান কালত  সোণৰ চেইন দুডাল , কানফুলি ৩ জোৰ, আঙঠি ৩ টা, পৌৰাণিক ৰূপৰ মুদ্ৰা ২৫ টা, মোবাইল হেণ্ডচেত ৬ টা, নগদ প্ৰায় ১ হাজাৰ টকা আদি সা-সম্পত্তি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

সদৰ থানাৰ অচি নৱজ্যোতি ৰয় আৰু তদন্তকাৰী আৰক্ষী উপ পৰিদর্শক গৌতম দত্তৰ তৎপৰতাত  সামগ্ৰীখিনি কিশোৰ চোৰ পংকজ কোঁৱৰৰ নগৰখনৰ বালি গাঁওস্থিত ঘৰৰ বিচনা তলত লুকুৱাই ৰখা অৱস্থাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে ধৃত চোৰ দুটাৰ স্বাস্থ্য পৰীক্ষা কৰি ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰি ন্যায়িক হেফাজতলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু উদ্ধাৰ সামগ্রী সমূহ থানাত মজুত ৰাখি তদন্ত অব্যাহত ৰাখিছে । ঢকুৱাখনাৰ নাগৰিক সমাজ আৰু আৰক্ষীয়ে এই দুষ্কাৰ্যত অধিক বিপথগামী যুৱক জড়িত থকাৰ আশংকা ব্যক্ত কৰিছে ।

assam dhakuakhana