প্ৰৱঞ্চনাৰে শ্ৰমিকৰ পৰা লুটিলে ১০ হাজাৰকৈ টকা

নগাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। মৰিকলঙত প্ৰৱঞ্চনাৰে লুট কৰি নিলে শ্ৰমিকৰ ধন ৷ কেইবাজনো শ্ৰমিকক চৰকাৰী শ্ৰমিক আঁচনিৰ চেক প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰি প্ৰতিজন শ্ৰমিকৰ পৰা লৈ যায় ১০ হাজাৰকৈ টকা ৷ ধন সমগ্ৰ দৃশ্য বন্দী হৈছে চিচি টিভি কেমেৰাত ৷ 

author-image
Asomiya Pratidin
New Update
প্ৰৱঞ্চকৰ জাল

প্ৰৱঞ্চকৰ জাল

ডিজিটেল সংবাদ, কামপুৰ: নগাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। মৰিকলঙত প্ৰৱঞ্চনাৰে লুট কৰি নিলে শ্ৰমিকৰ ধন ৷ কেইবাজনো শ্ৰমিকক চৰকাৰী শ্ৰমিক আঁচনিৰ চেক প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰি প্ৰতিজন শ্ৰমিকৰ পৰা লৈ যায় ১০ হাজাৰকৈ টকা ৷ ধন সমগ্ৰ দৃশ্য বন্দী হৈছে চিচি টিভি কেমেৰাত ৷ 

Advertisment

জানিব পৰা মতে, কামপুৰ কচুৱা পাহাৰতলীৰ কেইবাজনো শ্ৰমিক জাগুনৰ পৰা কাম কৰি ঈদৰ বাবে ঘৰলৈ আহি থকা অৱস্থাত নগাঁৱত এজন লোকে শ্ৰমিকলৈ চৰকাৰে বিভিন্ন আঁচনি প্ৰদান কৰিছে বুলি ভূৱা প্ৰতিশ্ৰুতি দিছিল। সেই প্ৰৱঞ্চকে মৰিকলং চাৰিআলিলৈ আনি প্ৰতিজন শ্ৰমিকৰ পৰা ১০ হাজাৰকৈ টকা সংগ্ৰহ কৰি উধাও হয় ৷ পাছত শ্ৰমিক কেইজন মৰিকলং আৰক্ষীক সকলো ঘটনা বিবৰি কোৱাত আৰক্ষীয়ে চিচি কেমেৰা ভিডিঅ সংগ্ৰহ কৰি অভিযান চলাইছে যদিও দূৰ্বৃত্তক এই পৰ্যন্ত আটক কৰিব পৰা নাই ৷

প্ৰৱঞ্চনা প্ৰৱঞ্চক