অসমৰ এইকেইগৰাকী প্ৰাৰ্থীৰ মাজত হ'ব তীব্ৰ যুঁজ,পঢ়ক সবিশেষ...

প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

ডিজিটেল ডেস্ক : দুমাহজোৰা প্ৰতীক্ষাৰ অন্ত। অষ্টাদশ লোকসভা নিৰ্বাচনৰ আজি ভোটগণনা। মঙলবাৰে পুৱা ৮-০০ বজাৰ লগে লগে আৰম্ভ হৈছে ভোটগণনা পৰ্ব। পিছে এই ভোটগণনাৰ প্ৰাকমুহূৰ্তৰ পৰাই কেইবাগৰাকী প্ৰাৰ্থীৰ ভাগ্যকলৈ দেশৰ লগতে অসমতো ব্যাপকভাৱে চৰ্চিত হৈছে ।

অসমৰ প্ৰেক্ষাপটত ভালেকেইগৰাকী প্ৰাৰ্থীৰ মাজত হ'ব তুমূল নিৰ্বাচনী যুঁজ। ৰাজ্যৰ ১৪টা সমষ্টিত ভালেকেইগৰাকী হেভীৱেট প্ৰাৰ্থীয়ে এই নিৰ্বাচনত অৱতীৰ্ণ হৈছে।

চৰ্চিত হৈছে গুৱাহাটী, ডিব্ৰুগড়, নগাঁও আদিকে ধৰি অসমৰ কেইবাটাও সমষ্টিৰ প্ৰাৰ্থীৰ নাম। চৰ্চা অনুসৰি গুৱাহাটীত বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধি আৰু কংগ্ৰেছৰ মীৰা বৰঠাকুৰৰ মাজত হ'ব মূল যুঁজ।

এদকেদৰে কোকৰাঝাৰত খাম্পা বৰগয়াৰী বি পি এফ, আৰু ইউ পি পি এলৰ জয়ন্ত বসুমতাৰীৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিত হ'ব বুলি চৰ্চা লাভ কৰিছে। ব্যতিক্ৰম নহয় ধুবুৰী সমষ্টিও। ধুবুৰীত মূল যুঁজখন এইবাৰ বদৰুদ্দিন আজমল আৰু ৰকিবুল হুছেইনৰ মাজত হ'ব যদিও চৰ্চালৈ আহিছে অগপ প্ৰাৰ্থী জাবেদ ইচলামৰ নাম।

ইয়াৰোপৰি বৰপেটাত কংগ্ৰেছৰ দীপ বায়ন আৰু অগপৰ ফণী ভূষণ চৌধুৰীৰ মাজত হ'ব মূল যুঁজ। নগাঁৱৰ প্ৰেক্ষাপটত এ আই ইউ ডি এফ আমিনুল ইচলাম যদিও শক্তিশালী প্ৰাৰ্থী তথাপি প্ৰদ্যুত বৰদলৈ আৰু সুৰেশ বৰাৰ নাম চৰ্চালৈ আহিছে।

উল্লেখযোগ্য যে অসমৰ অন্যতম সমষ্টি ডিব্ৰুগড়কলৈ ব্যাপক চৰ্চা হোৱা পৰিলক্ষিত হৈছে। সমষ্টিটোৰ দুই প্ৰতিদ্বন্দ্বি অজাপৰ লুৰীণজ্যোতি গগৈ, বিজেপিৰ সৰ্বানন্দ সোণোৱালৰ মাজত হ'ব নিৰ্বাচনী যুঁজ। একেদৰে যোৰহাটত হ'ব গৌৰৱ গগৈ আৰু তপন গগৈৰ মাজত মূল যুঁজ।

প্ৰতিনিধিত্বমূলক ফটো
দুমাহজোৰা প্ৰতীক্ষাৰ অন্ত : আজি লোকসভা নিৰ্বাচনৰ ভোটগণনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in