চিৰাঙৰ অনুজ্ঞা পত্ৰধাৰী কাঠফলা মিলত বনধ্বংস কাৰ্য্য চলি থকাৰ অভিযোগ...

বিটিআৰ এলেকাত অনুজ্ঞাপত্ৰ থকা কাঠফলা মিলৰ আঁৰত বনধ্বংস কৰা কাৰ্য্য তথা চোৰাং কাঠৰ ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপিত হৈছে । শনিবাৰে মাজনিশা চিৰাঙৰ সুন্দৰীত বনবিভাগৰ এক অভিযানৰ পিছতেই এনে এক প্ৰশ্নৰ অৱতাৰণা হৈছে
কাঠৰ দম
কাঠৰ দম

ডিজিটেল সংবাদ, চিৰাংঃ বিটিআৰ এলেকাত অনুজ্ঞাপত্ৰ থকা কাঠফলা মিলৰ আঁৰত বনধ্বংস কৰা কাৰ্য্য তথা চোৰাং কাঠৰ ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপিত হৈছে । শনিবাৰে মাজনিশা চিৰাঙৰ সুন্দৰীত বনবিভাগৰ এক অভিযানৰ পিছতেই এনে এক প্ৰশ্নৰ অৱতাৰণা হৈছে ।

প্ৰাপ্ত খবৰ অনুযায়ী কালি মাজনিশা এক গোপন সুত্ৰৰ আঁত ধৰি বাসুগাঁও ফৰেষ্ট ৰেঞ্জাৰৰ নেতৃত্বত বনবিভাগৰ এটা দলে অভিযান চলাই সুন্দৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিস্থিত সৌৰাণা মুছাহাৰী নামৰ এজন অনুজ্ঞাপত্ৰ থকা কাঠফলা মিলৰ সমীপৰ জংঘলৰ পৰা এই বৃহৎ পৰিমানৰ চোৰাং কাঠখিনি মজুত কৰি ৰখা অৱস্থাত জব্দ কৰে । পিছত জব্দকৃত চোৰাং কাঠখিনি বনবিভাগৰ লোকে ট্ৰেক্টৰ দি বাসুগাঁও ফৰেষ্ট ৰেঞ্জ অফিচলৈ আনে ।

কাঠৰ দম
কাঠৰ দম

উল্লেখ্য যে বিগত সময়ছোৱাত চিৰাং জিলাত বনবিভাগৰ অনুজ্ঞাপত্ৰধাৰী কাঠফলা মিলৰ আঁৰত চোৰাং কাঠৰ ৰমৰমীয়া ব্যবসায় চলি থকাৰ তথ্য পোহৰলৈ আহিছিল ।আৰু ইয়াৰ ফলস্বৰূপে দুটাকৈ কাঠফলা মিলৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছিল ।

শনিবাৰ নিশা সুন্দৰীত এই বৃহৎ পৰিমাণৰ চোৰাং কাঠ উদ্ধাৰ হোৱাৰ পিছত এতিয়াও একেই প্ৰশ্ন উত্থাপিত হৈছে যে চৰকাৰী অনুজ্ঞাপত্ৰৰ আঁৰ লৈ জিলাত খনত কাঠফলা মিল সমূহত চোৰাং কাঠ ব্যৱসায় চলাই আছে । তাৎপৰ্য্যপূৰ্ণ বিষয় যে এটা নিদিষ্ট ঠাইৰ পৰা এই বৃহৎ পৰিমাণৰ চোৰাং কাঠ উদ্ধাৰ হোৱাৰ পিছতো কোনো এজন লোকক বনবিভাগৰ লোকে আটক নকৰাটো ৰহস্যৰ সৃষ্টি কৰিছে ।

উল্লেখ্য যে বাসুগাঁও ফৰেষ্ট ৰেঞ্জ অফিচত ছুৰল্ড ইছোৱাৰী নামৰ এগৰাকী নতুন ৰেঞ্জাৰ যোগদান কৰাৰ পিছত বিগত কিছুদিন ধৰি চোৰাং কাঠ সৰবৰাহকাৰী বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই বৃহৎ পৰিমাণ চোৰাং কাঠ লগতে কেইবাখনো চোৰাং কাঠ কঢ়িওৱা চাৰিচকীয়া বাহন জব্দ কৰিবলৈ সক্ষম হৈছে । বনবিভাগৰ লোকে জব্দ কৰা চোৰাং কাঠখিনিৰ বজাৰ মূল্য প্ৰায় চাৰি লক্ষাধিক টকা হব বুলি অনুমান কৰা হৈছে ।

কাঠৰ দম
আজি মাতৃ দিৱস...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in