/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/dokan-sor.jpg)
ডিজিটেল সংবাদ, বকো : কামৰূপ জিলাৰ বকোত শুক্ৰবাৰে নিশা চাহ দোকান এখনৰ পৰা চোৰে প্রায় ৫০ হাজাৰ মুল্যৰ সা-সামগ্ৰী চুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণ মতে বকো থানাৰ অন্তৰ্গত হাহিম নালাপাৰাগাঁৱৰ সুনীতা ৰাভা নামৰ মহিলা এগৰাকীৰ চাহ দোকানৰ যোৱা নিশা চোৰ সোমাই ফ্রীজ, গেছৰ চিলিণ্ডাৰ, চুলা লগতে আৰু বহু সা-সামগ্ৰী লুটি নিয়ে।
চোৰে দোকানৰ তলা ভাঙি প্ৰৱেশ কৰিছিল।আজি ৰাতিপুৱা মহিলাগৰাকীয়ে ঘটনা সন্দৰ্ভত হাহিম পহৰা চকীত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us