সোণৰ আ-অলংকাৰসহ চোৰে লুটি নিলে ৫০হাজাৰ টকা...

সোণৰ আ-অলংকাৰসহ চোৰে লুটি নিলে ৫০হাজাৰ টকা...

author-image
Asomiya Pratidin
New Update
সোণৰ আ-অলংকাৰসহ চোৰে লুটি নিলে ৫০হাজাৰ টকা...

ডিজিটেল সংবাদ, লামডিংঃ লামডিং ক্ৰমাত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ। প্ৰায় প্ৰতিদিনেই লামডিং আৰক্ষীৰ অন্তৰ্গত এলেকা সমূহত সংঘটিত হৈ আহিছে চুৰিকাৰ্য। ইয়াৰ পিছতো এজনো চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই লামডিং আৰক্ষী।

Advertisment

অসম চৰকাৰৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত দেৱেশ চক্রৱর্তীৰ ঘৰত হোৱা ডকাইতি ঘটনাৰ বৰ্তমানলৈ কোনো শুংসূত্ৰ উলিৱাব পৰা নাই আৰক্ষীয়ে। তেনেসময়তে বিভিন্ন স্থানত সংঘটিত হৈ থকা চুৰিৰ ঘটনাই বৰ্তমান আতংকৰ সৃষ্টি কৰিছে ৰাইজৰ মাজত।

বিগত মাহত লামডিঙৰ কেইবাটাও আঞ্চলৰ পৰা ৬ খনকৈ বাইক চুৰি হোৱাৰ লগতে বহু লোকৰ ঘৰত সোমাই চোৰে লুটি লৈ যায় নগদ ধনৰ লগতে বহু মূল্যৱান সামগ্রী। পুনৰ উত্তৰ লামডিঙ জৰংদিচাৰ পাৰ্থ আচাৰ্যী নামৰ এজন ব্যক্তিৰ ঘৰত সংঘটিত হ'ল চুৰিকাৰ্য। ঘটনাৰ বিৱৰণ অনুসৰি প্ৰথমে খিড়িকী ভাঙি ঘৰত প্ৰৱেশ কৰিছিল চোৰ। তাৰপিছতেই ঘৰত থকা নগত ৫০০০০ হেজাৰ টকা, সোণৰ আ-অলংকাৰ, পিতলৰ বাচনৰ লগতে মূল্যৱান সামগ্ৰী লৈ উধাও হয় চোৰ।

লামডিঙত সঘনাই হৈ থকা বিভিন্ন অপৰাধ জনিত ঘটনাক লৈও অসন্তুষ্টি প্ৰকাশ কৰিছে হোজাই জিলা কংগ্ৰেছৰ সভাপতি বিশ্বজিৎ ৰয় চৌধুৰী আৰু প্ৰাক্তন বিধায়ক স্বপন কৰে। অসমৰ ৰাইজক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত অসম চৰকাৰৰ গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলিও ক্ষোভ প্ৰকাশ কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে।

Also Read: ৰাজ্যজুৰি অংগনবাড়ী কৰ্মী-সহায়িকাৰ অসহযোগ আন্দোলন

LUMDING POLICE