/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/e50ad8ae-1ba8-422b-a4ad-a3de971d89e1/arr.jpg)
ডিজিটেল সংবাদ,নগাঁও : নগাঁও হয়বৰগাঁও আৰক্ষীয়ে সোন চুৰিৰে জড়িত এগৰাকী মহিলা সহ তিনিজনক গ্ৰেপ্তাৰ কৰিছে ৷ গ্ৰেপ্তাৰ কৰা কেইজনৰ নাম হৈছে কাতিমাৰী প্ৰান্তৰ গুলজাৰ হুছেইন(২০), কাতিমাৰী পথাৰৰ উমে কুলচুম(৩০) আৰু চকিটোপৰ ৰাজু দাস(৪৮) ৷
আৰক্ষীয়ে চলোৱা অনুসন্ধানৰ সময়ত দলটোৰ হাতৰ পৰা সোনৰ টুকুৰা, এদাল সোনৰ নেকলেচ , তিনিজোৰ সোনৰ ফুলি , এটা সোনৰ আঙুঠি উদ্ধাৰ কৰিছে ৷ কাতিমাৰী পথাৰৰ উমে কুলচুমে চোৰৰ পৰা সোনৰ আ-অলংকাৰ ক্ৰয় কৰি নিজৰ ঘৰত থকা কাৰখানাত গলাই বিভিন্ন স্থানত বিক্ৰী কৰি আহিছিল ৷ আৰক্ষীয়ে কাৰখানাৰ আচবাব সমূহো জব্দ কৰিছে ৷ আনহাতে গুলজাৰ আৰু ৰাজু চৌৰ্য কাৰ্যৰে জৰিত ৷