চৰাইদেউৰ মথুৰাপুৰত চোৰ আটক…

চৰাইদেউৰ মথুৰাপুৰত চোৰ আটক…

author-image
asomiyapratidin
New Update
চৰাইদেউৰ মথুৰাপুৰত চোৰ আটক…

ডিজিটেল সংবাদ, চৰাইদেউ: চৰাইদেউ জিলাৰ মথুৰাপুৰত আৰক্ষীয়ে শুকুৰবাৰে এটা মবাইল চোৰক আটক কৰি জে'ললৈ প্ৰেৰণ কৰিছে৷ জানিব পৰা মতে কালি পুৱা মথুৰাপুৰ মাজগাঁৱৰ অনিল মাঝি নামৰ লোকজনৰ ঘৰৰ পৰা ১৮০০০ টকীয়া এটা এনড্ৰট মোবাইল ৰাজ গোৱালা নামৰ চোৰটোৱে চুৰি কৰি নিছিল ৷

এই সন্দৰ্ভত মবাইলটোৰ গৰাকীয়ে মথুৰাপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল যদিও চোৰটোৰ কোনো সন্ধান ওলোৱা নাছিল। পৰৱৰ্তী সময়ত স্থানীয় একাংশ লোকে মথুৰাপুৰ চাহ বাগিচাৰ শ্ৰমিক লাইনৰ এঘৰত লুকাই থকা অৱস্থাত চোৰটোক আটক কৰি আৰক্ষীক গতাই দিয়ে ৷

আৰু পঢ়ক: এয়াই নেকি উন্নয়ন? বাঁহৰ সাঁকোৰ ওপৰেৰে বিদ্যালয় লৈ ছাত্ৰ-ছাত্ৰী…

assam charaideo