মায়ং আৰক্ষীৰ জালত পুনৰ এজন গভাইত চোৰ

মায়ং আৰক্ষীৰ জালত পুনৰ এজন গভাইত চোৰ

author-image
asomiyapratidin
New Update
মায়ং আৰক্ষীৰ জালত পুনৰ এজন গভাইত চোৰ

ডিজিটেল সংবাদ, মায়ং: মৰিগাঁও জিলাৰ মায়ঙৰ আৰক্ষীৰ জালত পৰে পুনৰ এজন গভাইত চোৰ।চোৰ টোৰ নাম মাইনুল হক।আৰক্ষী থানা খনৰ সহ পৰিদৰ্শক অম্বিক নাথে জানিবলৈ দিয়া মতে মায়ং থানাৰ অন্তৰ্গত বহা পাহাৰৰ মাইনুল হক নামৰ দুৰ্ধৰ্ষ চোৰ টোৱে কিছুদিন পূৰ্বে গৰু চুৰি কাৰ্যত জড়িত হৈ জেলত যাব লগা হৈছিল।

Advertisment

জেলত ডেৰ মাহ থকাৰ পিছত ঘৰলৈ আহে যদিও  আজি পুনৰ অন্য এক চুৰি গোচৰত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হয়।মায়ং থানাৰ অন্তৰ্গত বুৰগাও চাৰিআলিৰ এখন কাপোৰ দোকান ৰ পৰা ৭ মাহ মান আগতে  বৃহত পৰিমাণৰ কাপোৰ চুৰি কৰিছিল আন দুজন চোৰৰ লগ লাগি।

ঘটনা সন্দৰ্ভত মায়ং থানাত ১৩/২২ নম্বৰ ত এটা গোচৰ ৰুজু হৈছিল। উক্ত গোচৰৰ ভিত্তিত আজি থানালৈ চুৰি কাৰ্য ত ব্যবহাৰ কৰা মাল টনা বাহন খন নিবলৈ আহোতে মাইনুল হক ক গ্ৰেপ্তাৰ কৰা হয়।

আৰু পঢ়ক: গ্ৰেপ্তাৰ হ'ব পাৰে ছোনিয়া গান্ধী!

assam arrested mayong Assam police