নাট্যনগৰী পাঠশালাত আগশাৰীৰ ভ্ৰাম্যমাণ নাট্য দলৰ অঘোষিত প্ৰতিযোগিতা

নাট্যনগৰী পাঠশালাত আগশাৰীৰ ভ্ৰাম্যমাণ নাট্য দলৰ অঘোষিত প্ৰতিযোগিতা

author-image
asomiyapratidin
New Update
নাট্যনগৰী পাঠশালাত  আগশাৰীৰ ভ্ৰাম্যমাণ নাট্য দলৰ অঘোষিত প্ৰতিযোগিতা

ডিজিটেল সংবাদ,পাঠশালা: কোভিদসৃষ্ট পৰিবেশৰ বাবে সম্পূৰ্ণ দুটা বছৰ বিৰতিৰ পিছত প্ৰাণ পাই উঠিছে ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰেক্ষাগৃহ সমূহ। পুনৰ আৰম্ভ হৈছে ভ্ৰাম্যমাণ নাট্যদল সমূহৰ জয় যাত্ৰা।

Advertisment

পাঠশালাৰ উদয়ন সংঘৰ আমন্ত্রণ ক্ৰমে ১৮ আগষ্টৰ পৰা বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা ৰাজমুকুট থিয়েটাৰে মেটেনি শ্বো সহ তিনিটাকৈ প্ৰদৰ্শণীৰে অভিলেখ সৃষ্টি কৰে।

প্ৰচণ্ড গৰমক নেওচি দিনতে পাঠশালাৰ প্ৰতিখন বিদ্যালয়ৰ শিক্ষাৰ্থীৰে ভৰি পৰিছে ৰাজমুকুত থিয়েটাৰৰ প্ৰেক্ষাগৃহ।ৰাজমুকুট থিয়েটাৰৰ ৰাজদ্বীপৰ বিৰিখৰ বিৰিনা নাটকখনে ৰাইজৰ অভূতপূর্ব সহাৰিৰ প্ৰতি লক্ষ্য ৰাখি দিনত সূৰ্য্যৰ পোহৰতে বিশেষ প্ৰেক্ষাগৃহত ৰাজমুকুট থিয়েটাৰে মেটেনি শ্বো প্ৰদৰ্শন কৰে। সপ্তম বৰ্ষত ভৰি দিয়া ৰাজমুকুট থিয়েটাৰৰ মেটেনি শ্বো উদ্বোধন কৰে উদয়ন সংঘৰ সভাপতি ৰুবুল কুমাৰ শৰ্মাই ।

আৰু পঢ়ক: সংবাদ জগতত প্ৰৱেশ! ২৯৪ কোটি টকাৰ বিনিময়ত এন ডি টিভিৰ ২৯.১৮ শতাংশ ক্ৰয় কৰিলে আদানীয়ে…

assam pathsala