কোভিড প্ৰট’কল ভেঙুচালি কৰি ডুমডুমীয়াত হাজাৰ হাজাৰ লোকৰ সমাৱেশেৰে বহিল সাপ্তাহিক বজাৰ…

কোভিড প্ৰট’কল ভেঙুচালি কৰি ডুমডুমীয়াত হাজাৰ হাজাৰ লোকৰ সমাৱেশেৰে বহিল সাপ্তাহিক বজাৰ…

author-image
asomiyapratidin
New Update
কোভিড প্ৰট’কল ভেঙুচালি কৰি ডুমডুমীয়াত হাজাৰ হাজাৰ লোকৰ সমাৱেশেৰে বহিল সাপ্তাহিক বজাৰ…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্রৱাৰ ডুমডুমীয়াত হাজাৰ হাজাৰ লোকৰ সমাৱেশেৰে বহিল সাপ্তাহিক বজাৰ। নাই কোনো সামাজিক দূৰত্ব, ক্ৰেতা-বিক্ৰেতা কোনেও নামানে চৰকাৰী নিৰ্দেশনা। এই ক্ষেত্ৰত স্থানীয় আৰক্ষীৰ লগতে বজাৰ পৰিচালনা সমিতিয়েও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।

চৰকাৰৰ কোভিড বিধি ভংগ কৰি বজাৰ পৰিচালনা সমিতিয়ে একমাত্র মুনাফা অৰ্জনৰ বাবে শুকুৰবাৰে এনে ধৰণে হাজাৰ হাজাৰ লোকৰ সমাৱেশেৰে চলালে বজাৰ। যি সময়ত নগাঁৱত চাৰি শতাধিক লোক আক্রান্ত হৈছে কোৰোনাত । সেই সময়ত ডুমডুমীয়া বালিসত্ৰ অৰ্ধ সাপ্তাহিক বজাৰৰ এই দৃশ্যই চিন্তিত কৰি তুলিছে সচেতন মহলক।