ৰঙিয়াত তিনিদিনীয়াকৈ তিনিগঞা গোপাল সভাৰ বাৰ্ষিক উৎসৱ...

১৯৫৫ চনৰে পৰা ফাগুন মাহত অনুষ্ঠিত হৈ আহিছে এই উৎসৱ
ৰঙিয়াত তিনিদিনীয়াকৈ তিনিগঞা গোপাল সভাৰ বাৰ্ষিক উৎসৱ...
ৰঙিয়াত তিনিদিনীয়াকৈ তিনিগঞা গোপাল সভাৰ বাৰ্ষিক উৎসৱ...

ডিজিটেল সংবাদ ৰঙিয়াঃ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰে পৰা অনুষ্ঠিত হৈছে ৰঙিয়াৰ তিনিগঞা গোপাল মন্দিৰৰ বাৰ্ষিক উৎসৱ। ৬৯ সংখ্যক মূৰাৰা গড়কা আৰু নকুল তিনিগঞাই ১৯৫৫ চনৰে পৰা ফাগুন মাহত এই বাৰ্ষিক উৎসৱ প্ৰতিবছৰে উদযাপন কৰি অহা পৰিলক্ষিত হৈছে ।

বাৰ্ষিক উৎসৱৰ লগত সংগতি ৰাখি দিনৰ ১১ বজাত গোপাল মন্দিৰ প্ৰাংগনৰ সভাগৃহত এক আলোচনা সভা অনুষ্ঠিত হয় । ৰঙিয়াৰ শিল্পী পেঞ্চনাৰ নৰেন্দ্ৰ শৰ্মাই সঞ্চালন কৰা সভাখনত আমন্ত্ৰিত বক্তা হিচাপে বাইহাটা চাৰিআলিৰ শাস্ত্ৰী নীতিশ শৰ্মাই উপস্থিত থাকি আধ্যাত্মিক পৰিৱেশৰ গতিধাৰা আৰু গোপাল প্ৰভূৰ মাঘী সভাৰ আৰিয়া প্ৰজ্বলনৰ সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ ভাষণ আগবঢ়ায়।

উল্লেখ্য যে বাৰ্ষিক উৎসৱৰ আৰম্ভণিতে পুৱা ৮:৩০ বজাত প্ৰসন্ন পাঠক সোঁৱৰণী মুখ্য দ্বাৰ মুকলি কৰে গোপাল সভাৰ সমিতিৰ উপদেষ্টা লীলাধৰ কাকতিয়ে। পুৱা ৯ বজাত ধৰ্মীয় পতাকা উত্তোলন কৰে ভাৰপ্ৰাপ্ত সভাপতি পৱন চন্দ্ৰ দাসৰ লগতে ৬৯ সংখ্যক বৰ্ষ উপলক্ষে বিশিষ্ট অতিথিৰ জৰিয়তে ৬৯ খন পতাকা উত্তোলন কৰা হয়।

ইয়াৰ পিছতে প্ৰয়াত উদ্যোক্তাৰ স্মৃতি তৰ্পণ, বৃক্ষৰোপণ আৰু পুৱা ১০:৩০ বজাত অৱসৰপ্ৰাপ্ত অধ্যাপক পবিন কলিতাৰ দ্বাৰা ধৰণীধৰ মজুমদাৰ সোঁৱৰণী মঞ্চ উদ্ধোধন হয়। বিয়লি ৪ বজাত নকুল গোসাঁই ঘৰৰ পৰা বিগ্ৰহ লৈ শোভাযাত্ৰা উলিওৱা হয়, শোভাযাত্ৰা উদ্বোধন কৰে হিচাব পৰীক্ষক মণি দাসে।

সন্ধিয়া ৫:৩০ বজাত আৰিয়া প্ৰজ্বলন অনুষ্ঠিত হয়, আৰিয়া প্ৰজ্বলনত মুখ্য আৰিয়া প্ৰজ্বলক হিচাপে মূৰাৰাৰ বয়োজ্যেষ্ঠ ব্যক্তি ভবেন কলিতা উপস্থিত থকাৰ উপৰিও সাংসদ ভূৱনেশ্বৰ কলিতা, প্ৰাক্তন বিধায়ক ঘনশ্যাম কলিতাকে ধৰি কেইবাগৰাকীও গণ্য মান্য ব্যক্তি উপস্থিত থাকে। আৰিয়া প্ৰজ্বলনৰ পিছতে টোপধব্বনি কাৰ্যসূচী অৱসৰপ্ৰাপ্ত সহকাৰী অভিযন্তা নাৰায়ণ চন্দ্ৰ কলিতাই উদ্বোধন কৰে। নিশা কাদম্বৰী ভ্ৰাম্যমাণ নাট্যদলে নাট প্ৰদৰ্শন কৰিব।

দ্বিতীয় দিনা পুৱা ১১ বজাত আয়তীৰ নাম, দিহানাম প্ৰতিযোগিতা, বিয়লি ৪ বজাত ওজাপালি প্ৰদৰ্শন আৰু সন্ধিয়া ৭ বজাত কৰিস্মা নাথ আৰু পূৰৱী দাসে মহিলা নাগাৰা নাম পৰিবেশন কৰিব। নাগাৰা নাম উদ্বোধন কৰিব স্বস্তি হাস্পতালৰ পৰিচালন সঞ্চালক ডাঃ হিতেন্দ্ৰ কলিতাই ।

ইফালে ২৪ ফেব্ৰুৱাৰী, শনিবাৰে উৎসৱৰ পুৱা বাৰ্ষিক হোম, পুৱা ১০ বজাত ভাগৱত পাঠ,নাগাৰা নাম,দিনৰ ১২ বজাত ভোগ উৎসৰ্গা, পূৰ্ণাহুতি প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ'ব। পূৰ্ণাহুতি প্ৰদান কৰিব তিনিগঞা বাসীৰ হৈ গোপাল সভা সমিতিৰ সাধাৰণ সম্পাদক দেৱব্ৰত কলিতাই।

পূৰ্ণাহুতি প্ৰদানৰ পিছতেই দিনৰ ১ বজাত পুষ্পাঞ্জলী,প্ৰসাদ বিতৰণ, ভোগ গ্ৰহণ, ওজাপালি প্ৰদৰ্শন আৰু আবেলি ৪ বজাত অসমীয়া গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাখনিত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নৃপেন নাথ আৰু অতিথি হিচাপে নাট্যকৰ্মী মুস্তাফা কামাল আহমেদে উদ্বোধন কৰিব।

তাৰ পিছত সাংস্কৃতিক সন্ধিয়া সমাৰোহৰেৰে তিনিগঞা গোপাল সভাৰ বাৰ্ষিক উৎসৱৰ সামৰণি পৰিব । সাংস্কৃতিক সন্ধিয়া উদ্বোধক হিচাপে আছুৰ প্ৰাক্তন উপ -সভাপতি ধৰ্মেশ্বৰ দাস আৰু অতিথি হিচাপে দিগন্ত কলিতা উপস্থিত থাকিব বুলি সমিতিৰ পৰা জনায়।

ৰঙিয়াত তিনিদিনীয়াকৈ তিনিগঞা গোপাল সভাৰ বাৰ্ষিক উৎসৱ...
নাগালেণ্ডৰ টিজিত NSCN (IM)ৰ স্বয়ম্ভূ মন্ত্ৰীক গুলীয়াই হত্যা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in