ন নদীৰ খহনীয়া ৰোধৰ চেষ্টা ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ...

ন নদীৰ খহনীয়া ৰোধৰ চেষ্টা ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ...

author-image
Asomiya Pratidin
New Update
ন নদীৰ খহনীয়া ৰোধৰ চেষ্টা ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ...

ডিজিটেল সংবাদ, গোগামুখঃ ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ অধীনস্থ ভেবেলী গাওঁ পঞ্চায়তৰ ৪নং ৱাৰ্ডৰ গোসাঁইবাৰী গাৱঁত ন-নদীৰ গৰাখনীয়াৰ কৱলত বিস্তীৰ্ণ এলেকা জাঁহ যোৱাৰ ওপৰিও পশুধনৰ চৰণীয়া পথাৰ জাহ যোৱাত গাওঁখনৰ ৰাইজ শংকিত হৈ আহিছে।

Advertisment

দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পেলাই ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ গোগামুখ ৰূপহী গড়পৰা সমষ্টিৰ কাৰ্যবাহী সদস্য ৰাজু শইকীয়াই ৰাইজৰ সমস্যাৰ বুজ লৈ তৎকালীন ভাৱে কাৰ্যকৰী হোৱাকৈ পৰিষদৰ তৰফৰপৰা ছয় লাখ টকাৰ আবন্তন কৰি কংক্ৰিতৰ স্পাৰ দিয়াৰ ব্যৱস্থা কৰে। ইতিমধ্যে ন-নদীৰ অতি স্পৰ্শকাতৰ এলেকাসমূহত প্ৰায় দুশৰো অধিক কংক্ৰিতৰ স্পাৰ স্থাপন কৰা হৈছে।

উল্লেখ্য যে,গোসাঁইবাৰী গাৱঁৰ মথাউৰিটোৰ প্ৰতি ভাবুকি অহাৰ সময়ছোৱাত ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদে এনে পদক্ষেপ গ্ৰহণ কৰি ৰাইজৰ সমস্যা সমাধান6 কৰাত ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু শইকীয়াক ধন্যবাদ জনাইছে।

Also Read: বিদ্যুতৰ বাবেই বিয়া ভাগিছিল শ্ৰীদেৱী-ৰজনীকান্তৰ...

ন নদী