শিক্ষানগৰী পাঠশালাৰ দুখনকৈ বিদ্যালয়ৰ চমকপ্ৰদ সফলতা

শিক্ষানগৰী পাঠশালাৰ দুখনকৈ বিদ্যালয়ৰ চমকপ্ৰদ সফলতা

author-image
Asomiya Pratidin
New Update
শিক্ষানগৰী পাঠশালাৰ দুখনকৈ বিদ্যালয়ৰ চমকপ্ৰদ সফলতা

ডিজিটেল সংবাদ,পাঠশালাঃ শিক্ষানগৰী পাঠশালাৰ গাতে থকা দুখনকৈ ব্যক্তিগত শিক্ষাখণ্ডৰ বিদ্যালয়ৰ চমকপ্ৰদ সফলতা। এখন দক্ষিণ প্ৰান্তৰ কালদিয়া নৈৰ পাৰৰ হেলনাস্থিত জাতীয় বিদ্যালয়। অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত ১৯৯৭ চনত প্ৰতিষ্ঠা হৈছিল জ্ঞান বিকাশ জাতীয় বিদ্যালয়।

Advertisment

এইখন বিদ্যালয়ৰ ২০০৭ বৰ্ষত প্ৰথমটো গোটে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱৰ্তীৰ্ণ হৈছিল আৰু উক্ত বৰ্ষত ছাত্ৰ ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ আছিল ১০০ শতাংশ। সেই তেতিয়াৰে পৰা আজিলৈকে শিক্ষানুষ্ঠানখনৰ উত্তীৰ্ণৰ হাৰ একেই আছে l

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অনুসৰি ১২ গৰাকী পৰীক্ষাৰ্থীৰ ৫ গৰাকী ডিষ্টিংচন, ৪ গৰাকীয়ে ষ্টাৰ মাৰ্কসহ আটাইকেইগৰাকী পৰীক্ষাৰ্থীয়ে বিভিন্ন বিষয়ত লেটাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হৈছে । স্বাভাৱিকতে বিদ্যালয়নৰ অধ্যক্ষ মনমোহন দাসৰ লগতে শিক্ষকবৃন্দ বিদ্যালয়খনৰ ধাৰাবাহিক সাফল্যত সুখী ।

আনহাতে শিক্ষাপীঠ আদৰ্শ বুনিয়াদী বিদ্যালয়ৰ ২০০৮ চনৰ পৰা নাই তৃতীয় বিভাগত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী। বিদ্যালয়খনত এই বৰ্ষতো সাফল্যৰ ধাৰা অৱ্যহত থাকে। ১৩০ গৰাকী ছাত্ৰ ছাত্ৰীৰ ৩৩ গৰাকী ডিষ্টিংচন,৪৪ গৰাকী ষ্টাৰসহ প্ৰথম বিভাগত লেটাৰ মাৰ্ক লাভ কৰি উত্তীৰ্ণ হ'বলৈ সক্ষম হয়।

Also Read: ভূ-স্বৰ্গত ধাৰাষাৰ বৰষুণঃ বানপানীত উটিল এগৰাকী

hslc