/asomiyapratidin/media/media_files/2025/07/12/377-2025-07-12-18-05-27.jpg)
ডিজিটেল সংবাদ, নলবাৰী : ‘‘অসম সাহিত্য সভা প্ৰতিষ্ঠাপকসকল মাতৃভাষাৰ প্ৰতি অতি সংৱেদনশীল আছিল। প্ৰাতঃ স্মৰণীয় এই ব্যক্তিসকলে অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিক সঠিক আৰু সবলভাৱে প্ৰতিষ্ঠা কৰি অসমীয়া জাতিক অভিজাত কৰি তুলিবলৈ অহোপুৰুষাৰ্থ কৰিছিল।
কেৱল ঐশ্বৰ্য, ঘৰ-দুৱাৰ, সাজ-পোছাক, গাড়ী-মটৰেই অভিজাতৰ পৰিচয় হ’ব নোৱাৰে। সমাজৰ একাংশ লোকে নিজৰ মাতৃভাষা, সংস্কৃতি এৰি আচহুৱা ঢঙেৰে নিজকে অভিজাত সজাব খোজে ।
প্ৰকৃততে নিজৰ জনমভূমি, মাতৃভাষা, সাহিত্য, সংস্কৃতি আদিৰ প্ৰতি দায়িত্ববোধেৰে কাম কৰা লোকসকলকহে অভিজাত বুলি কোৱা হয়।’’ ১২ জুলাইত নলবাৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত জলখানা ভঠুৱাখানা সাহিত্য সভাৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত এই মন্তব্য কৰে অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ সংগঠক বঁটাপ্ৰাপক তথা নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বেজবৰুৱাই।
অসম সাহিত্য সভাৰ স্বৰ্ণ শাখা হিচাপে স্বীকৃতিপ্ৰাপ্ত জলখানা ভঠুৱাখানা সাহিত্য সভাৰ বিভিন্ন কাৰ্সূচীৰে সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। এই উদ্দেশ্যে জলখানা ভঠুৱাখানা উচ্চ মাধ্যমিক বিদ্যালয়ৰ উদ্ভাৱনমূলক আৰু সামূহিক শিকণ কেন্দ্ৰত শাখাখনৰ সভাপতি কান্তেশ্বৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত অসম চলচ্চিত্ৰ বিত্ত আৰু নিগমৰ অধ্যক্ষ তথা জনপ্ৰিয় কণ্ঠশিল্পী সীমান্ত শেখৰে এক ভিডিঅ’ বাৰ্তাযোগে শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়।
শাখাখনৰ সম্পাদক দৰ্পণা কলিতাই অনুষ্ঠানৰ আঁত ধৰাৰ লগতে উদ্দেশ্য ব্যাখ্যা কৰে। সভাত নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক নৰেশ্বৰ কলিতা, মাখিবাহা সাহিত্য সভাৰ সভাপতি বিপুল কুমাৰ ভট্টাচাৰ্য আৰু পশু পালন আৰু পশু চিকিৎসা বিভাগৰ উচ্চ পদস্থ অৱসৰপ্ৰাপ্ত বিষয়া ডাঃ গজেন্দ্ৰনাথ ডেকায়ো সভাত অংশ লৈ সাহিত্য ক্ষেত্ৰখনৰ উত্তৰণ সন্দৰ্ভত ভাষণ দিয়ে।
সভাত কল্যাণপ্ৰসাদ শৰ্মাৰ সম্পাদনা আৰু পৰিস্মিতা শৰ্মাৰ অলংকৰণেৰে শাখাখনৰ ‘থুজা’ নামৰ হাতেলিখা আলোচনীৰ দ্বিতীয় সংখ্যা উন্মোচন কৰে জলখানা ভঠুৱাখানা মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰূপম কলিতাই। ‘চিৰ চেনেহী ভাষা জননী’ শীৰ্ষক বৃন্দগীত পৰিৱেশনৰে আৰম্ভ হোৱা সভাখনত হৰেকৃষ্ণ দাস,পাপৰি দেৱী আৰু অনামিকা দেৱীয়ে স্বৰচিত কবিতা পাঠৰ লগতে অনামিকা দেৱী, মীনাক্ষী শৰ্মা, শেৱালি দেৱী, অলিভা শৰ্মা, ৰস্মিতা দেৱী, মৰমী দেৱী, পূৱালী দেৱী আৰু শিশুশিল্পী দেৱাশিস শৰ্মাই গীত পৰিৱেশন কৰি সভাসদক আপ্লুত কৰে।
শাখা সভাৰ দ্বাৰা ইতিপূৰ্বে অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাৰ বঁটাবোৰো সভাখনত বিতৰণ কৰা হয়। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত শাখাখনৰ সভাপতি কান্তেশ্বৰ কলিতাই অসম সাহিত্য সভাৰ পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ পাতনি মেলাৰ পাচতে বন্তি জ্বলায় শাখাখনৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰিয়নাথ ডেকা, উপ সভাপতি নিৰঞ্জন পাটগিৰি আৰু অসম সাহিত্য সভাৰ আজীৱন সভ্য সৎৰাম ৰাজবংশীয়ে।
একেদৰে ছহিদ তৰ্পণ কৰে নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বেজবৰুৱাই আৰু গছপুলি ৰোপণ কৰে জলখানা ভঠুৱাখানা গ্ৰামোন্নয়ন সমিতিৰ সভাপতি প্ৰহ্লাদ হালৈয়ে। অসম সংগীতেৰে সভা সামৰা হয়।