/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/77ce66d7-01e8-4f90-b26c-66624ff2901e/hap.jpg)
অজগৰ উদ্ধাৰ
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ সমীপৰ খনামুখ বালিগাঁৱত মঙলবাৰে এটা প্ৰকাণ্ড অজগৰ উদ্ধাৰ হয়। উদ্ধাৰ কৰা অজগৰটো ১৬ ফুট দৈৰ্ঘ্যৰ ৷ পুৱাই মূৰ্গী ভক্ষণ কৰি সময়তে প্ৰত্যক্ষ কৰে কিছুলোকে ৷
বালিগাঁৱৰ মিৰি গাঁৱৰ ( গ্ৰীণ ভিলেজ) প্ৰকৃতিপ্ৰেমী যুৱক পবিত্ৰ মিলি, অনুজ পাৱ,ৰজত মিলি, বিছাল মিলিয়ে ৰাইজৰ সহযোগত উদ্ধাৰ কৰে প্ৰকাণ্ড অজগৰটো ৷ উদ্ধাৰ কৰি চাৰিদুৱাৰ বন বিভাগক ছমজাই দিয়া হ’য় ৷
বন বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰা অজগৰটো লৈ যায় ৷ উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি অঞ্চলটোৰ মূৰ্গী হাঁহ, ছাগলী আদি ভক্ষণ কৰি আহিছিল বুলি স্হানীয় ৰাইজে জানিবলৈ দিয়ে ৷
Also Read: কম্বল বিক্ৰেতাৰ বেশত প্ৰবঞ্চক : ঋণ দিয়াৰ নামত শ্ৰমিকৰ পৰা ধন সংগ্ৰহ