ডিফুৰ টাৰালাংচুত ৫০ সংখ্যক কাৰ্বি যুৱ মহোৎসৱত উপস্থিত থাকিব ৰাষ্ট্ৰপতি

ডিফুৰ টাৰালাংচুত ৫০ সংখ্যক কাৰ্বি যুৱ মহোৎসৱত উপস্থিত থাকিব ৰাষ্ট্ৰপতি

ডিজিটেল ডেস্কঃ কাৰ্বি যুৱ মহোৎসৱৰ আজি তৃতীয়টো দিন। ডিফুৰ টাৰালাংচুত অনুষ্ঠিত হৈছে ৫০ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ। ১৭ জানুৱাৰীত টাৰালাংচুৰ এই অনুষ্ঠানলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু।

উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম জনজাতি হৈছে কাৰ্বিসকল। কাৰ্বিসকলৰ কাৰ্বি যুৱ মহোৎসৱ হৈছে উত্তৰ-পূৱৰ অন্যতম বৃহৎ যুৱ মহোৎসৱ। ১৯৭৪ চনত কাৰ্বি ক্লাবত ৫টা ক্লাব লগ হৈ প্ৰথম বাৰৰ বাবে অনুষ্ঠিত কৰিছিল কাৰ্বি যুৱ মহোৎসৱ আৰু এই কাৰ্বি যুৱ মহোৎসৱে এতিয়া সোনালী জয়ন্তী বৰ্ষত ভৰি দিলে। সেই উপলক্ষে ডিফুৰ টাৰালাংচুত বাৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে কাৰ্বি যুৱ মহোৎসৱ।

১৯৭৪ চনত আৰম্ভ হোৱা এই অনুষ্ঠানে ১৯৮৪ চনত বিস্তৃতভৱে প্ৰসাৰ লাভ কৰে। ১৯৮৪ চনত ডিফুৰ টাৰালাংচুত কেইবা কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হয় স্থায়ী মুকলি মঞ্চ। তেতিয়াৰে পৰাই কাৰ্বি কালচাৰেল ছছাইটিৰ উদ্যোগত প্ৰতিবছৰে ফ্ৰেব্ৰুৱাৰী মাহত অনুষ্ঠিত হৈ আহিছে কাৰ্বি যুৱ মহোৎসৱ।

শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা এই যুৱ মহোৎসৱৰ দ্বিতীয়টো দিন আৰম্ভ হয় সাংস্কৃতিক শোভাযাত্ৰাৰ দ্বাৰা। ৰাজ্যৰ ভিন্ন প্ৰান্তত সিচৰিত হৈ থকা কাৰ্বি জনগোষ্ঠীৰ প্ৰায় ৬০০০ শিল্পীয়ে অংশগ্ৰহণ কৰিছে এই অনুষ্ঠানত। এই শোভাযাত্ৰাত দাঙি ধৰা হৈছে কাৰ্বিসকলৰ বিভিন্ন কৃষ্টি-সংস্কৃতিৰ বৰ্ণিল সমাহাৰ। এই অনুষ্ঠানত কাৰ্বিজনগোষ্ঠীৰ শিল্পীসকলৰ উপৰিও অংশগ্ৰহণ কৰিছে বিভিন্ন জাতি-জনগোষ্ঠীৰ শিল্পীসকলেও।

এই অনুষ্ঠানত কাৰ্বিসকলৰ পৰম্পৰাগত খাদ্য,সাজপাৰ, লোকবাদ্য, কৃষিৰ আহিলাৰ মেলাও আয়োজন কৰা হৈছে। ইফালে ৫০ বছৰত ভৰি দিয়া কাৰ্বি যুৱ মহোৎসৱৰ মূখ্য অতিথি হিচাপে ১৭ জানুৱাৰীত উপস্থিত থাকিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, এই কথা জনালে কাৰ্বি কালচাৰেল ছছাইটিৰ সভাপতি চন্দ্ৰ সিং ক্ৰ'য়ে।

উল্লেখ্য যে  কাৰ্বি যুৱ মহোৎসৱৰ এই অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী অশোক সিংহালে জনজাতীয় লোকসকলত পৰম্পৰাগত অংগ-বস্ত্ৰৰে সন্মান জনাইছে। ইয়াৰ উপৰিও এই অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সমান্তৰালকৈ ৮ খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত সচকলে অংশগ্ৰহণ কৰিব। কেইবাখনো আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সকলে অংশগ্ৰহণ কৰাৰো সম্ভাৱনা আছে টাৰালাংচুৰ ৫০সংখ্যক কাৰ্বি যুৱ মহোৎসৱত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in