/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/8-6.jpg)
ডিজিটেল সংবাদ, হোজাইঃ সমগ্র দেশতে কোৰোনাই সৃষ্টি কৰা ভয়াবহতা সময়তে অসমৰ বিভিন্ন জিলাৰ সমান্তৰাল ভাৱে হোজাই জিলাত কোৰোনা ৰোগীৰ সংখ্যা ১৯৩ গৰাকীলৈ বৃদ্ধি পাইছে। হোজাই জিলাৰ বিভিন্ন প্ৰান্তত বৃহস্পতিবাৰে ২৮০২ গৰাকী লোকৰ ৰেপিড এন্টিজেন টেষ্ট কৰাত ৩২ গৰাকী লোকৰ গাত কোৰোনাৰ অৱস্থিতি ধৰা পৰাৰ বিপৰীতে ১১ গৰাকী লোকক আৰ টি পি চি আৰ টেষ্ট কৰাত ইয়াৰে ৪ গৰাকী লোকৰ গাত কোৰোনাৰ অৱস্থিতি ধৰা পৰাত জিলা খনত মুঠ একটিভ কোৰোনা আক্রান্তৰ সংখ্যা ১৯৩ গৰাকী লৈ বৃদ্ধি পায় বুলি হোজাই তথ্য আৰু জনসংযোগ বিষয়াই বৃহস্পতিবাৰে এক প্ৰেছ বিবৃত্তি যুগে জানিবলৈ দিয়ে।
হোজাই জিলাত কৰোনাৰ দ্বিতীয় লহৰত বৰ্তমান লৈকে মুঠ ২১৮ গৰাকী লোক আক্ৰান্ত হয় যদিও ২৫ গৰাকী লোক সুস্থ হৈ উঠিছে। ১৯৩ গৰাকী একটিভ কৰোনা আক্ৰান্তৰ ভিতৰত ১৬২ গৰাকী হোম আইচলেচনত থকাৰ বিপৰীতে হোজাই জিলাৰ অন্তৰ্গত নিলবাগান চিকিৎসালয়ত ২১ গৰাকী, জি এম চি এইচত ৩ গৰাকী, কালাপাহাৰত ৩ গৰাকী আৰু গুড হেলথ হস্পিটেলত ১গৰাকী কৰোনা আক্রান্ত চিকিৎসাধীন হৈ আছে বুলি প্ৰেছ বিবৃতিত কোৱা হয়।