বিজেপিক মুকলি সমৰ্থন অসম চাহ মজদুৰ সংঘৰ নগাঁও জিলা শাখাৰ...

বিজেপিক মুকলি সমৰ্থন অসম চাহ মজদুৰ সংঘৰ নগাঁও জিলা শাখাৰ...

ডিজিটেল সংবাদ কলিয়াবৰঃ চাহ শ্ৰমিকৰ সমস্যাৰাজিৰ সম্পৰ্কত সততে সৰৱ হৈ অহা অৰাজনৈতিক সংগঠন হিচাপে পৰিচিত অসম চাহ মজদুৰ সংঘৰ নগাঁও জিলা শাখাই দেওবাৰে প্ৰত্যক্ষভাৱে চাহ বাগিচাৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত বিজেপি দলক মুকলি সমৰ্থন জনোৱা তাৎপৰ্য পূৰ্ণ বিষয়টোৱে সম্প্ৰতি বিশেষ চৰ্চা লাভ কৰিছে । এই উপলক্ষে দেওবাৰে নিশা কলিয়াবৰ তিনিআলিৰ গৌৰী ভৱনত চাহ মজদুৰ সংঘৰ নগাঁও জিলা শাখাৰ সভাপতি সুখদেৱ নায়কৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত এই কথা স্পষ্ট কৰে মজদুৰ সংঘৰ বিষয়বৱীয়াই ।

উল্লেখ্য যে, অসম চাহ মজদুৰ সংঘৰ নগাঁও জিলা শাখাৰ অধীনৰ ৪২ খন বাগিছাৰ প্ৰাথমিক সমিতি সমূহৰ সভাপতি সম্পাদক সকলৰ লগতে মহিলা সমিতি সমূহৰ সভানেত্ৰী আৰু সম্পাদিকা সকলৰ উপস্থিতিত এক আলোচনাত মিলিত হোৱাৰ পাছত অসম চাহ মজদুৰ সংঘৰ নগাঁও জিলা সমিতিৰ সম্পাদক পবিত্ৰ কুজুৰে সংবাদ মাধ্যমক কয় যে, কংগ্ৰেছ দলে অসমত বিগত বহু বছৰ বছৰ ধৰি ৰাজত্ব কৰিলে যদিও চাহ শ্ৰমিক তথা চাহ বাগিচা অঞ্চলৰ কোনো উন্নয়নমূলক কাম কৰা দেখা নগ'ল। তাৰ বিপৰীতে বিজেপি দলে খুউব কম সময়ৰ ভিতৰতে চাহ বাগিচা অঞ্চলৰ যথেষ্ট উন্নয়ন কৰি বুলি দাবী কৰিব পাৰি।

চাহ জনজাতি লোকসকলৰ উন্নয়নত হাতে কামে কৰা বিজেপি দলক চাহ মজদুৰ সংঘ ই মুকলি সমৰ্থন আগবঢ়োৱা বুলি উল্লেখ কৰি কুজুৰে লগতে কয় আগন্তুক লোক সভা নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক বিপুল ভোটত জয়ী কৰাৰো সংকল্প গ্ৰহণ কৰাৰ কথাও ঘোষণা কৰে। ইফালে সংঘৰ মুখ‍্য উপদেষ্টা বিন্দু গঞ্জুৱে ক্ষোভেৰে কয় যে, মই বিগত ২৮ বছৰ ধৰি সংঘৰ সভাপতি থকাৰ উপৰিও বিধান সভা নিৰ্বাাচনত কলিয়াবৰত কংগ্ৰেছ দলৰ পৰা প্ৰক্ষেপিত এগৰাকীও প্ৰাৰ্থীও আছিলো যদিও কংগ্ৰেছৰ দিনত মই বাগিচা অঞ্চলৰ এটা পথো পকীকৰণ কৰিব নোৱাৰিলো।

বিজেপি চৰকাৰৰ দিনত বাগিচা অঞ্চলৰ বাট পথৰ লগতে সকলো উন্নয়ন দেখা পাইছোঁ বুলি গৌৰৱ কৰা শুনা গ'ল। কংগ্ৰেছৰ দিনত বাগিচা অঞ্চলত কোনো উন্নয়ন হোৱা নাছিল । এতিয়া নৰেন্দ্ৰ মোডি প্ৰধানমন্ত্ৰী আৰু মুখ‍্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চাহ বাগিচা সমূহত সকলো ধৰণৰ উন্নয়ন সাধন হৈছে। চাহ জনগোষ্ঠীৰ ভোট আদায়ৰ উদ্দেশ্যৰে অনুষ্ঠিত সভা খনিত অংশ ল'বলৈ আহি

ডুমডুমাৰ বিধায়ক তথা চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক ৰূপেশ গুৱলাই সাংবাদিকক কয় যে খুউব কম সময়ৰ ভিতৰতে বিজেপি দলৰ প্ৰতি চাহ বাগিচা অঞ্চলৰ লোকৰ সমৰ্থন বৃদ্ধি পাইছে। তেওঁ লগতে কয় বাগিচা অঞ্চলত বিজেপি চৰকাৰে যি ধৰনেৰে উন্নয়ন মূলক কাম কৰিছে তাক লৈ চাহ বাগিচা অঞ্চলৰ লোকসকলৰ মনত সন্তুষ্টি দেখা গৈছে।

কংগ্ৰেছৰ গেৰান্টিৰ কোনো মূল্য নাই বুলি উল্লেখ কৰি তেওঁ লগতে কয় মোদীৰ গেৰান্টিহে আচল গেৰান্টি বুলি মন্তব্য কৰে। লগতে তেঁও বিজেপি প্ৰাৰ্থী সন্দৰ্ভত কয়-ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলি থকা,অতি সহজ মনৰ গৰাকী কামাখ্যা দাদাৰ বিষয়ে কিবা ক’ব লগা আছে বুলি নাভাৱো ।

তেঁওৰ বিজয় নিশ্চিত আৰু কাজিৰঙা সমষ্টিৰ ৰাইজে এজন ভাল প্ৰতিনিধি লাভ কৰিব ৷ চাহ বাগিছা সমূহত এতিয়া প্ৰচুৰ উন্নয়ন হৈছে । ম’ডেল হাইস্কুল,মডেল অংগনবাড়ী, চাকৰিৰ ক্ষেত্ৰত তিনি শতাংশ সংৰক্ষণ,এশ শতাংশৰে ৰেচন কাৰ্ড হৈছে। চাহ বাগিছাত আৰু অধিক উন্নয়নৰ বাৱে বিজেপিৰ গত্যান্তৰ নাই বুলি তেঁও কয় ।

সভাত বিশিষ্ট অতিথিৰ ভাষনত অগপৰ কাৰ্যকৰী সভাপতি,স্বাস্থ্য মন্ত্ৰী তথা স্থানীয় বাধায়ক কেশৱ মহন্তই কয় কলিয়াবৰৰ চাহ বাগিছাৰ প্ৰতিটো পৰিয়ালৰ ওচৰত মই কৃতজ্ঞ । কিয়নো কংগ্ৰেছ চৰকাৰৰ ভৰপক দিনটো মোক বিধায়ক হিচাপে কলিয়াবৰৰ পৰা নিৰ্বাচিত কৰাত তেঁওলোকৰ ভূমিকা আচিল অপৰিসীম ৷জীৱনত মই এই কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম ৷ লগতে তেঁও কয়-২০০৬ চনত মই বিধায়ক হোৱাৰ পিছত বেলেগৰ পৰা কৰ্তন কৰি আনি বহুত ৰাস্তা চাহ বাগিছাত বনাইছো। বিৰোধীত থকাৰ পিছতো সীমিত সা-সুবিধা হোৱা সত্বেও চাহ বাগিছা অধ্যূষিত অঞ্চল উন্নয়নত মই কেতিয়াও কৃপনালি কৰা নাই ৷

কিন্তু ২০১৬ চনৰ পৰা মিত্ৰজোঁট চৰকাৰৰ দিনত চাহ বাগিছা সমূহত উন্নয়ন অধিক তৰাম্বিত হৈছে। কংগ্ৰেছে প্ৰলোভনৰে কৰা ক্ষন্তেকীয়া ৰাজনীতি আমি কৰা নাই। আমি কৰিছো স্থায়ী আৰু উন্নয়নৰ ৰাজনীতি ৷ চাহ জনজাতিৰ আসন সংৰক্ষণৰ কথা উনুকিয়াই দি কেশৱ মহন্তই কয়-১৯৮৭ চনত প্ৰফুল্ল মহন্ত চৰকাৰৰ দিনত আছুৰ সভাপতি হৈ থকা সময়তে চিকিৎসাবিজ্ঞান অধ্যয়নৰ বাৱে চাহ বাগিছাৰ কোটাত দুই শতাংশ সংৰক্ষণ চুক্তিত মই নিজে স্বাক্ষৰ কৰিছিলো ।

আৰু এতিয়া সেই সংৰক্ষণ ত্ৰিশ শতাংশলৈ বৃদ্ধি হ’ল। অসমৰ মূল সুতিঁঁত চাহ জনগোষ্ঠীক সকলোৰে সৈতে সমানে খোজ মিলাই আগবঢ়াই নিলে ৰাজ্যখনৰ শক্তি আৰু অধিক বৃদ্ধি হ’ব বুলি তেঁও সদৰী কৰে ৷ লগতে তেঁও চাহ বাগিচা অঞ্চলত বিজেপি দলৰ প্ৰতি সমৰ্থন বৃদ্ধি পাইছে তাৰ লগে লগে চাহ শ্ৰমিক সকলে আগন্তুক লোক সভা নিৰ্বাচনৰ বিজেপি মিত্ৰ জোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক মুকলি সমৰ্থন আগবঢ়োৱা কাৰ্যক ধন্যবাদ জ্ঞাপন কৰাৰ কথা উল্লেখ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in