কামৰূপ জিলাৰ জিলা পথ সুৰক্ষা সমিতিৰ সভা সম্পন্ন...

কামৰূপ জিলাৰ জিলাৰ চলিত মাহৰ পথ সুৰক্ষা সমিতিৰ সভাখন আজি সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত কামৰূপৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ সভাপতিত্বত অনুষ্ঠিত হয়।

author-image
Tushar Pratim
New Update
কামৰূপ জিলাৰ জিলা পথ সুৰক্ষা সমিতিৰ সভা সম্পন্ন...

ডিজিটেল সংবাদ, ৰঙিয়াঃ  কামৰূপ জিলাৰ জিলাৰ চলিত মাহৰ পথ সুৰক্ষা সমিতিৰ সভাখন আজি সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত কামৰূপৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ সভাপতিত্বত অনুষ্ঠিত হয়। সভাত কামৰূপ জিলাত পথ দুৰ্ঘটনা ৰোধ কৰা আৰু পথ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা যথাসম্ভৱ হ্ৰাস কৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৱলী সন্দৰ্ভত সভাত আলোচনা কৰা হয়।

Advertisment

জিলাখনৰ আৰক্ষী, পৰিবহণ, পথ নিৰ্মাণকাৰী সংস্থাসমূহ যেনে, লোক নিৰ্মাণ বিভাগ, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়ববীয়াৰ উপস্থিতিত বিস্তৃত আলোচনা কৰা হয় এই সভাত। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ প্ৰতিনিধিয়ে জিলাখনৰ চাংসাৰি এলেকাত যোৱা সময়ছোৱাত পথ দুৰ্ঘটনাৰ সংখ্যা চিন্তাজনকভাৱে বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা আয়ুক্তই প্ৰদান কৰা নিৰ্দেশ পালন কৰাৰ কথা জানিবলৈ দিয়ে। অঞ্চলটোৰ দুৰ্ঘটনা সংঘটিত হোৱা এলেকাসমূহত পৰ্যাপ্ত পথ নিৰ্দেশনা, পথ চিহ্ন আৰু ৰাম্বেল ষ্ট্ৰীপৰ ব্যৱস্থা কৰাৰ লগতে পথৰ কাষত থকা গছ-গছনিৰ ডালসমূহ কটাৰ দিশত ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে।

একেদৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে পথত থকা গাঁতসমূহ মেৰামতি কৰা হৈছে বুলিও সভাত জানিবলৈ দিয়ে। কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাও উপস্থিত থকা সভাত অতিৰিক্ত আৰক্ষী অধীক্ষক সোমালীন শুভদৰ্শিনীয়ে মে’ মাহত বৰ্তমান পৰ্যন্ত জিলাখনত মুঠ ৩৫ টা পথ দুৰ্ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰি উক্ত দুৰ্ঘটনাত ১১ জন লোকৰ মৃত্যু হোৱা বুলিও জানিবলৈ দিয়ে।

সভাত জিলাখনত যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে আৰক্ষী আৰু পৰিবহণ বিভাগৰ তৰফৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও বিভাগকেইটাই উল্লেখ কৰে। উল্লেখ্য যে সভাত অতিৰিক্ত জিলা আয়ুক্ত গৰ্গমোহন দাস, ৰঙিয়াৰ সম-জিলা আয়ুক্ত দেৱাশীষ গোস্বামী,  লোকনিৰ্মাণ পথ বিভাগৰ কামৰূপৰ অধীক্ষক অভিযন্তা মৃদুল দাসকে ধৰি বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে।

পথ সুৰক্ষা সভা ৰঙিয়া