/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/ger.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : সীমাহীন হত্যা ,ধৰ্ষণ, ডকাইতি, লুন্ঠনেৰে জনসাধাৰণৰ মাজত সন্ত্রাস সৃষ্টি কৰি অহা ঢকুৱাখনাৰ দাগী অপৰাধী গেৰজাই বৰুৱাৰ অত্যাচাৰী জীৱনৰ অৱশেষত অৱসান ঘটিল। নিজৰ অগণন অপকৰ্মৰ বাবে যুগ যুগ ধৰি অতিষ্ঠ হৈ অহা জনসাধাৰণৰ পঞ্জীভূত ক্ষোভ আৰু অসন্তুষ্টিৰ বৰ্হি প্ৰকাশ ঘটাই ঢকুৱাখনাৰ সন্ত্রাস সৃষ্টিকাৰী নৰ হত্যাকাৰী গেৰজাই বৰুৱা ওৰফে ৰাজু বৰুৱাৰ গণ প্ৰহাৰত মৃত্যু হয় ।
ৰাজ্যখনৰ বিভিন্ন আৰক্ষী থানাত সীমাহীন হত্যা, ধৰ্ষণ, ডকাইতি, নৰহত্যা গোচৰৰ আচামী ঢকুৱাখনা মাজ জালভাৰী গাঁওৰ হাজোতী গেৰজাই বৰুৱাই মঙ্গলবাৰে ঢকুৱাখনা ন্যায়িক আদালতৰ শৌচাগাৰৰ খিৰিকীৰে অন্য এটা দাগী হত্যাকাৰী আচামীৰ লগত পলাই গৈছিল । যোৱা দুটা দিন ধৰি অসম আৰক্ষীৰ নিদ্ৰা হৰণ কৰি অহা এইটো দাগী অপৰাধীয়ে পলাই গৈ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত ঢকুৱাখনা-ঘূণাসুঁতি গড়কাপ্তানী পথৰ কিলাকিলি দলঙৰ তলৰ এক নিৰ্জন ঠাইত আত্মগোপন কৰি আছিল ।
ঢকুৱাখনা মহকুমা আৰক্ষী বিষয়া সৌমাৰ জ্যোতি ভূঞা, ঢকুৱাখনা থানাৰ অচি নৱজ্যোতি ৰয় ,ঘিলামৰা থানাৰ অচি চন্দন দাস ,সোনাৰী চাপৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কৃষ্ণ বাহাদুৰ ছেত্ৰীৰ নেতৃত্বত এটা বিশাল বাহিনীয়ে এই সম্ভেদ পাই সমীপৰ গাঁওৰক্ষী বাহিনীক সতৰ্ক কৰি অভিযান চলাই আছিল ।
বৃহস্পতিবাৰে পুৱা এই দুধর্ষ হত্যাকাৰীটোৰ সন্ধান চলাই থকাৰ মাজতে উক্ত স্থানত গেৰজাই আশ্ৰয় লৈ থকা প্ৰত্যক্ষ কৰে গৰু এৰাল দিব যোৱা কৃষকে । বিষয়টো গাঁওৰক্ষী বাহিনীক অৱগত কৰাত অগণন ৰাইজ ,বাহিনীৰ সমূহ সদস্য উক্ত স্থানত উপস্থিত হয়। এনেতে পানীৰ মাজৰ পৰা ওলাই অহা দুধর্ষ হত্যাকাৰীটোক দেখি ধৰি আনি ৰাইজ ক্ষোভিত হৈ আৰম্ভ কৰে সীমাহীন গণ প্রহাৰ । ৰাইজৰ প্ৰহাৰত মুমূৰ্ষু ৰূপ লোৱাত গেৰজাইক মহকুমা আৰক্ষী বিষয়া ভূঞাই উদ্ধাৰ কৰি আনিবলৈ অপ্ৰাণ চেষ্টা কৰে যদিও ৰাইজৰ আক্ৰমণ চলি থাকে ।
ৰাইজৰ আক্ৰমণৰ ফলত উদ্ধাৰকাৰী এজন আৰক্ষীৰ জোৱানো আহত হয় । পাছত আৰক্ষীৰ দলে মুমূৰ্ষু গেৰজাইক ততাতৈয়াকৈ ১০৮ সেৱাৰ জৰিয়তে ঢকুৱাখনা অসামৰিক চিকিৎসালয় লৈ আনে যদিও অলপ পাছতে গেৰজাইৰ মৃত্যু ঘটে । ভয়-ভীতি সন্ত্ৰাসৰ এটা সুদীর্ঘ কালৰ নায়ক গেৰজাইৰ মৃত্যুৰ খবৰ পাই চিকিৎসালয়ত পৰিয়ালৰ লগতে অগণন ৰাইজৰ সমাগম ঘটে এবাৰলৈ গেৰজাইক চাবলৈ । পাছত কাৰ্যবাহী দণ্ডাধীশৰ চুৰতশাল কৰাৰ পাছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষা কৰিবৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰা হয় ।
সন্ত্ৰাসৰ অন্য এটা নাম গেৰজাইৰ এনেকৈ অকাল মৃত্যু ঘটিল যদিও লগত যোৱা সতীৰ্থ হত্যাকাৰী সোনটি দাসৰ সন্ধান এতিয়াও লাভ কৰা নাই আৰক্ষীয়ে । অৱশ্যে অভিযান অব্যাহত আছে ।উল্লেখ্য যে গোগামুখ থানাত পঞ্জীভূত লখিমপুৰ জিলাৰ ঘাঁৰমৰা ৰাংচলিয়া গাঁওৰ উদীয়মান যুৱক তথা EICHAR কোম্পানীৰ টেকনিছিয়ান টুল দত্ত (৩৮)ৰ নিৰ্মম ডকাইতি আৰু হত্যাকাণ্ডৰ গোচৰৰ ( ভাৰতীয় দণ্ডবিধি আইনৰ ৩৯৪ আৰু সংযুক্ত ধাৰা ৩০২(৩৪) ত ৰুজু হোৱা গোচৰ নং- ৪০ /২০২১) মূল অভিযুক্ত আছিল এই গেৰজাই আৰু পলাতক হাজোতী সোনটি দাস ।
আৰু পঢ়ক : সু-অভিনেতা প্ৰবীন শইকীয়াৰ মৃত্যু