বৃদ্ধি পাইছে অবৈধ ফাৰ্মাচীৰ সংখ্যা! নিষ্ক্ৰীয় ঔষধ পৰিদৰ্শকৰ কাৰ্য্যালয়… 

বৃদ্ধি পাইছে অবৈধ ফাৰ্মাচীৰ সংখ্যা! নিষ্ক্ৰীয় ঔষধ পৰিদৰ্শকৰ কাৰ্য্যালয়… 

author-image
asomiyapratidin
New Update
বৃদ্ধি পাইছে অবৈধ ফাৰ্মাচীৰ সংখ্যা! নিষ্ক্ৰীয় ঔষধ পৰিদৰ্শকৰ কাৰ্য্যালয়… 

ডিজিটেল সংবাদ,বিলাসীপাৰা: বিলাসীপাৰাত কাঠফুলাৰ দৰে গজি উঠিছে অসংখ্য অবৈধ ফাৰ্মাচী। যি সময়ত ধুবুৰী জিলাখনত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে ধাৰাবাহিকভাবে তীব্ৰতৰ অভিযান অব্যাহত ৰাখিছে,সেই সময়তে ধুবুৰী জিলা ঔষধ পৰিদৰ্শক কাৰ্যালয়ে নিষ্ক্রিয় ভূমিকা পালন কৰা পৰিলক্ষিত হৈছে।

Advertisment

বিলাসীপাৰা ৰেজিষ্টাৰ ফাৰ্মাচিষ্ট সন্থাৰ তথা ৰাজহুৱা অভিযোগ মতে, বিলাসীপাৰা চহৰত প্ৰয়োজনতকৈ অধিক সংখ্যক ঔষধ বিক্ৰেতা আছে। ইয়াৰ ভিতৰতে পঞ্জীয়ন থকা ফাৰ্মাচিষ্টৰ সংখ্যা যথেষ্ট কম।প্ৰাপ্ত্য তথ্য মতে চহৰখনৰ ভালেমান ঔষধৰ দোকানত নাই কোনো ফাৰ্মাচিষ্ট।

এখন ঔষধৰ দোকান স্থাপন কৰিবলৈ যি যি নথি তথা অনুজ্ঞা পত্ৰ, চুক্তিপত্ৰ, দোকানৰ ভিতৰত কোনো চিকিৎসকক নিয়োজিত কৰাৰ বিৰত থকাৰ শপত পত্ৰ থাকিব লাগে, অধিকাংশ ঔষধৰ দোকানতে সেইবোৰ দেখিবলৈ পোৱা নাযায়। ধুবুৰী জিলা ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়টোৰ আন্তঃগাঁথনিৰ অভাৱে ফোঁপোলা স্বৰূপ উদঙাই দিছে।

ঔষধ পৰিদৰ্শকে পৰিদৰ্শন নকৰাত একাংশ ঔষধৰ দোকানত অবৈধভাবে চলিছে গোপনে ড্ৰাগছৰ ৰমৰমীয়া ব্যবসায়। আনহাতে বিলাসীপাৰা চহৰখনৰ লগতে চৰাঞ্চলত অনুজ্ঞাপত্ৰৰ অবিহনে বিক্ৰী কৰি আছে জীৱনদায়িনী ঔষধ।

যোৱা ২০২০ চনত বিলাসীপাৰা ৰেজিষ্টাৰ ফাৰ্মাচিষ্ট সন্থাই মহকুমাধিপতিৰ ওচৰত এই সন্দৰ্ভত লিখিতভাৱে অভিযোগ দাখিল কৰে যদিও আজিকোপতি মহকুমাধিপতিয়ে দৃষ্টান্তমূলক কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি জানিব পৰা গৈছে।

আৰু পঢ়ক: আজি ৰাজ্যত তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা, মঙলদৈত উপস্থিত আৰক্ষী সঞ্চালক প্ৰধান…

assam bilashipara