এবছৰ আগতেই হিমন্তৰ অনুমোদনঃ আজিও সম্পূৰ্ণ নহ’ল মঙলদৈ অসামৰিক চিকিৎসালয়ৰ আই চি ইউ কোঠা…

এবছৰ আগতেই হিমন্তৰ অনুমোদনঃ আজিও সম্পূৰ্ণ নহ’ল মঙলদৈ অসামৰিক চিকিৎসালয়ৰ আই চি ইউ কোঠা…

author-image
asomiyapratidin
New Update
এবছৰ আগতেই হিমন্তৰ অনুমোদনঃ আজিও সম্পূৰ্ণ নহ’ল মঙলদৈ অসামৰিক চিকিৎসালয়ৰ আই চি ইউ কোঠা…

ডিজিটেল সংবাদ, মঙলদৈঃ ৰাজ্যত মহামাৰী কোৰোনাৰ দ্বিতীয় লহৰে এতিয়া ভয়ানক ৰূপ ধাৰণ কৰিছে। সমান্তৰালভাৱে দৰঙটো ভয়াবহ ৰূপ ধাৰণ কৰিছে কোৰোনাই। বুধবাৰে দিনৰ ভাগত জিলাখনত ৩৫ জন লোক কোৰোনাত আক্ৰান্ত চিনাক্ত হৈছে । এই সকলকে ধৰি চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা দৰঙত কোৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ২০৩ জনলৈ বৃদ্ধি পালে।

Advertisment

এইসকলৰ ভিতৰত সম্প্ৰতি ১৪৮ জন লোক চিকিৎসাধীন হৈ আছে। দৰঙত কোভিড আই চি ইউৰ বাবে সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে এই সকল কোভিড ৰোগীয়ে। এবছৰ আগতেই কোভিড ৰোগীৰ কাৰণে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আই চি ইউ নিৰ্মাণৰ অনুমোদন দিছিল যদিও আজিও সম্পূৰ্ণ হৈ নুঠিল।

বহুবাৰ মঙলদৈ স্বাস্থ্য বিভাগে আই চি ইউ সম্পূৰ্ণ কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাই আহিছে যদিও আজিলৈকে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক গোপীনাথ বৰাই।যাৰ ফলত আই চি ইউৰ অভাৱত গুৱাহাটী লৈ স্থানান্তৰ কৰিব লগীয়া হৈছে কোভিড আক্ৰান্ত সকলক। শীঘ্ৰে আই চি ইউ কাম সম্পূৰ্ণ কৰাৰ দাবী জনায় মঙলদৈৰ বিভিন্ন দল সংগঠনে।