নামনি অসমৰ ৭ খন জিলাৰ জিলা পৰিষদৰ চূড়ান্ত ফলাফল...

পঞ্চায়ত নিৰ্বাচনৰ নামনি অসমৰ ধুবুৰী, গোৱালপাৰা,. বঙাইগাওঁ, বৰপেটা, বজালী, নলবাৰী আৰু দক্ষিণ শালমৰা এই ৭ খন জিলাৰ চূড়ান্ত ফলাফল প্ৰকাশ পাইছে

author-image
Asomiya Pratidin
New Update
নামনি অসমৰ ৭ খন জিলাৰ জিলা পৰিষদৰ চূড়ান্ত ফলাফল...

ডিজিটেল ডেস্কঃ পঞ্চায়ত নিৰ্বাচনৰ নামনি অসমৰ ৭ খন জিলাৰ চূড়ান্ত ফলাফল প্ৰকাশ পাইছে।  বৰপেটাত মুঠ ১৯ খন জিলা পৰিষদৰ ভিতৰত বিজেপিয়ে ৫ খন, কংগ্ৰেছে ৯ খন, এ আই ইউ ডি এফ আৰু এজিপিয়ে ২ খনকৈ আৰু নিৰ্দলীয়ই এখনকৈ আসন দখল কৰিছে। 

Advertisment

নলবাৰী জিলাৰ মুঠ ১২ খন জিলা পৰিষদ আসনৰ ভিতৰত বিজেপিয়ে ১১ খন আৰু কংগ্ৰেছে এখন আসন দখল কৰিছে। 
বঙাইগাঁও জিলাৰ মুঠ ১২ খন আসনৰ ভিতৰত বিজেপিয়ে ৪ খন এ জি পিয়ে ৪ খন, কংগ্ৰেছে এখন আৰু অন্যান্যই ৩ খন আসন দখল কৰিছে। 

দক্ষিণ শালমাৰা জিলাৰ মুঠ ৪ খন জিলা পৰিষদৰ আসনৰ ভিতৰত কংগ্ৰেছে ৩ খন আৰু নিৰ্দলীয়ই এখন আসন দখল কৰিছে।  ধুবুৰী জিলাখনৰ ২০ খন জিলা পৰিষদৰ আসনৰ ভিতৰত কংগ্ৰেছে ১০ খন, বিজেপিয়ে ৫ খন,  এ আই  ইউ ডি এফে ৩ খন, ৰাইজৰ দল আৰু নিৰ্দলীয়ই এখনকৈ আসনত বিজয় সাব্যস্ত কৰিছে। 

বজালী জিলাৰ ৫ খন জিলা পৰিষদ আসনৰ ভিতৰত বিজেপিয়ে ২ খন, এ জি পিয়ে ২ খন আৰু নিৰ্দলীয়ই এখন আসন দখল কৰিছে। গোৱালপাৰা জিলাৰ ১৬ খন আসনৰ ভিতৰত বিজেপিয়ে ৯ খন, এজিপিয়ে এখন, কংগ্ৰেছে ৩ খন, নিৰ্দলীয়ই এখন আৰু এ আই ইউ ডি এফে ২ খন আসনত বিজয় সাব্যস্ত কৰে। 

 

পঞ্চায়ত নিৰ্বাচন