/asomiyapratidin/media/media_files/2025/04/04/IIjL6KZl7fiag9xzhALm.jpg)
ডিজিটেল ডেস্কঃ আজি প্ৰকাশ পাব ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল। যোৱা ২ এপ্ৰিলত স্বায়ত্ব শাসিত পৰিষদখনৰ ৩৬ টা সমষ্টিৰ ভিতৰত ৩৩ টা সমষ্টিৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া অন্ত পৰিছে। ভোটদান প্ৰক্ৰিয়াত মুঠ ৬৮.৫৮ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।
উল্লেখযোগ্য যে, মুঠ ৩৬ টা সমষ্টিৰে গঠিত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদখনৰ ২০ টা সমষ্টি গোৱালপাৰা জিলাৰ অন্তৰ্গত আৰু ১৬ টা সমষ্টি কামৰূপ জিলাৰ অন্তৰ্গত। ইতিমধ্যে গোৱালপাৰা জিলাৰ ২০ নং জয়ৰামকুছি সমষ্টিত বিজেপি সমৰ্থিত প্ৰাৰ্থী প্ৰেমাজলী ৰাভা, কামৰূপ জিলাৰ ২৩ নং খালিহাকোঠ সমষ্টিত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী নগৰমল স্বৰ্গীয়াৰী আৰু ২৫ নং হাহিম সমষ্টিত যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী সোণাৰাম ৰাভা বিনাপ্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে।
এইবাৰ পৰিষদখনৰ মুঠ ভোটাৰৰ সংখ্যা আছিল ৪ লাখ ৪৫ হাজাৰ ৫৮৬ গৰাকী। ইয়াৰে ৬৮.৫৮ শতাংশ ভোটাৰে ভোটদান কৰিলে নিৰ্বাচনত। উল্লেখ্য যে, ইয়াৰ পূৰ্বৰ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত বিজেপি আৰু ৰাভা হাছং যৌথ মঞ্চই সন্মিলিতভাৱে এন ডি এৰ বেনাৰত অংশ লৈছিল। সেই নিৰ্বাচনত ৩৬ টা সমষ্টিৰ ভিতৰত ৩ টা সমষ্টিত বিজেপিয়ে প্ৰতিদ্বন্দিতা কৰিছিল।
এইবাৰ বিজেপিয়ে ৬ টা আৰু ৰাভা হাছং যৌথ মঞ্চই ৩০ টা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিছে।পৰিষদখন এইবাৰ পুনৰ বিজেপি, ৰাভা হাছং যৌথ মঞ্চৰ দখললৈ যোৱাৰে পূৰ্ণ সম্ভাৱনা আছে।
উল্লেখ্য যে, মুঠ ৩৬ টা সমষ্টিৰ ভিতৰত ২৫ টা সমষ্টি জনজাতি লোকৰ বাবে সংৰক্ষিত। ৬ টা সমষ্টি মহিলাৰ বাবে সংৰক্ষিত হোৱাৰ বিপৰীতে ১১ টা সমষ্টি সংৰক্ষণমুক্ত।