ৰং-তুলিকাৰে সজাগতাৰ সৃষ্টি হাজোৰ জ্যোতিস্মিতাৰ…

ৰং-তুলিকাৰে সজাগতাৰ সৃষ্টি হাজোৰ জ্যোতিস্মিতাৰ…

author-image
asomiyapratidin
New Update
ৰং-তুলিকাৰে সজাগতাৰ সৃষ্টি হাজোৰ জ্যোতিস্মিতাৰ…

ডিজিটেল সংবাদ, হাজোঃ কোৰোনাৰ দ্বিতীয় লহৰৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পোৱাত সকলোৰে সুৰক্ষা কৱচত পৰিণত হৈছে মাস্কখন। মাস্ক পৰিধান কৰিবলৈ চৰকাৰেও জাৰি কৰিছে কঠোৰ নিৰ্দেশনা। মাস্কৰ ব্যৱহাৰ তথা সজাগতা সৃষ্টিৰ বাবে হাজোৰ এগৰাকী কিশোৰীয় হাতত লৈছে ৰং-তুলিকা। হাজো ধোপৰগুৰিৰ জ্যোতিস্মিতা ওজা নামৰ কিশোৰী গৰাকীয়ে কাঠৰ ক্ষুদ্ৰ ক্ষুদ্ৰ টুকুৰাত অংকন কৰিছে বহুতো ছবি।

বিশেষকৈ জ্যোতিস্মিতাই কোৰোনা ভাইৰাছৰ ভয়াৱহতা আৰু সজাগতাৰ বাবে অঁকা মাস্কৰ ছবিয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। আনহাতে, ক্ষুদ্ৰ ক্ষুদ্ৰ কাঠৰ টুকুৰাত প্ৰাণ ঠাই উঠিছে ৰংঘৰ, তাজমহল লক্ষ্মীনাথ বেজবৰুৱা, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকা, ড০ হিমন্ত বিশ্ব শৰ্মা, জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত আদিৰ ছবি। চতুৰ্থ শ্ৰেণীৰ পৰা ছবি আঁকি ভাল পোৱা জ্যোতিস্মিতাক এই ক্ষেত্ৰত পিতৃ-মাতৃয়েও যথেষ্ট উৎসাহ যোগাই আহিছে।

বিশেষকৈ শেহতীয়া পৰিস্থিতিৰ লগত খাপ খুৱাই ক্ষুদ্ৰ কাঠৰ টুকুৰাত মাস্ক অংকন কৰি সজাগতা সৃষ্টি কৰাত আনন্দ প্ৰকাশ কৰিছে ফাৰ্মাচিষ্ট পিতৃ নাৰায়ণ ওজা আৰু মাতৃ মঞ্জু পাঠক ওজাই। ছবি আঁকি জগত জিনিব বিচৰা জ্যোতিস্মিতাই মহামাৰী কোৰোনা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ সকলোকে মাস্ক পৰিধান কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে সজাগতা সৃষ্টিৰ বাবে ক্ষুদ্ৰ কাঠৰ টুকুৰাত অংকন কৰা মাস্কৰ ছবিয়ে সকলোকে আকৰ্ষিত কৰিছে। হাজো ধোপৰগুৰিৰ নিবাসী জ্যোতিস্মিতা ওজা হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰী।