দিল্লীৰ "শিশু সংসদ"ৰ প্ৰতিনিধি হৈ যাব বঢ়মপুৰৰ শিশু

দেশৰ আগশাৰীৰ বেচৰকাৰী সংগঠন "প্ৰত্যেক" (PRATYEK) য়ে বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো দিল্লীত আয়োজন কৰিছে " শিশু সংসদ"ৰ ৷ নগাঁও লোকসভা সমষ্টিৰ একমাত্ৰ অনুষ্ঠান হিচাপে " ইউৰেকা সমাজে" উক্ত সংসদলৈ লাভ কৰিছে আমন্ত্ৰণ ৷

author-image
Asomiya Pratidin
New Update
দিল্লীৰ "শিশু সংসদ"ৰ প্ৰতিনিধি হৈ যাব বঢ়মপুৰৰ শিশু

ডিজিটেল সংবাদ , বঢ়মপুৰঃ দেশৰ আগশাৰীৰ বেচৰকাৰী সংগঠন "প্ৰত্যেক" (PRATYEK) য়ে বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো দিল্লীত আয়োজন কৰিছে " শিশু সংসদ"ৰ ৷ নগাঁও লোকসভা সমষ্টিৰ একমাত্ৰ অনুষ্ঠান হিচাপে " ইউৰেকা সমাজে" উক্ত সংসদলৈ লাভ কৰিছে আমন্ত্ৰণ ৷

Advertisment

ইউৰেকা সমাজৰ পৰা শিশু সংসদত অংশগ্ৰহণ কৰিব বঢ়মপুৰ সমষ্টিৰ এখন ভিতৰুৱা গাওঁ কন্দলী আহুতলিৰ শিশু তথা অনন্ত কন্দলি হাইস্কুলৰ ছাত্ৰ ৰোহিত তাঁ‌তি আৰু এনিমেটৰ হিচাপে অংশগ্ৰহন কৰিব ইউৰেকা সমাজৰ সদস্য প্ৰাচুৰ্য্য প্ৰাণ নাথে ৷ অহা ২৪ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ অনুষ্ঠিতব্য এইবাৰৰ শিশু সংসদৰ বিষয় " জলবায়ু পৰিৱৰ্তন" ৷

প্ৰতিনিধি শিশু সংসদ সকলক শিশু অধিকাৰ সম্পৰ্কে প্ৰশিক্ষণো দিব আয়োজক সকলে ৷ য’ত দেশৰ ১৬০ টা লোকসভা সমষ্টিৰ পৰা ১৬০ জন শিশু প্ৰতিনিধি আৰু ১৬০ জন এনিমেটৰে অংশগ্ৰহণ কৰিব । লগতে প্ৰতিনিধি শিশু সকলে ৰাজনৈতিক দলবোৰৰ ইস্তাহাৰত শিশু অধিকাৰ সম্পৰ্কে কেতবোৰ প্ৰশ্নলৈ বৈঠকত মিলিত হোৱাৰ লগতে মুখামুখি হ'ব সাংবাদিক সকলৰো ।

Also Read: বকলীঘাটত দ্বাদশ বাৰ্ষিক ভোগালী উৎসৱৰ সামৰণি

Children's Parliament eureka pratyek