”দ্যা বেষ্ট কলেজ অফ ইণ্ডিয়া টুডে ২০২২” ৰ ৰেংকিঙত কলা শাখাত সোণাপুৰ কলেজৰ স্থান ১৩৬

”দ্যা বেষ্ট কলেজ অফ ইণ্ডিয়া টুডে ২০২২” ৰ ৰেংকিঙত কলা শাখাত সোণাপুৰ কলেজৰ স্থান ১৩৬

author-image
asomiyapratidin
New Update
”দ্যা বেষ্ট কলেজ অফ ইণ্ডিয়া টুডে ২০২২” ৰ ৰেংকিঙত কলা শাখাত সোণাপুৰ কলেজৰ স্থান ১৩৬

ডিজিটেল ডেস্ক: ইণ্ডিয়া টুডে এম ডি আৰ এ বেষ্ট কলেজে ৰেংকিং ২০২২ ত অসমৰ কেইবাখনো মহাবিদ্যালয়ে স্থান লাভ কৰিছে। কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত এই ৰেংকিঙত কলা শাখাত ফৰকাটিং কলেজে ১৩০ নম্বৰ স্থান লাভ কৰাৰ বিপৰীতে সোণাপুৰ মহাবিদ্যালয়ে ১৩৬ , ধেমাজি গাৰ্লচ কলেজে ১৫০ , অভয়াপুৰী কলেজে ১৫১ , বৰনগৰ কলেজে ১৫৬ , জাগীৰোড কলেজে ১৬১ নম্বৰ স্থান লাভ কৰিছে।

Advertisment

দেশৰ ভিতৰত এই মহাবিদ্যালয় কেইখনে এনে স্থান লাভ কৰাতো অতি গৌৰৱৰ বিষয়। আনহাতে বেষ্ট কমাৰ্চ কলেজ শিতানত কেচি দাস কমাৰ্চ কলেজে ১০৭ নম্বৰ, জাগীৰোড কলেজে ১৫১ নম্বৰ স্থান লাভ কৰিছে।

বেষ্ট বিজ্ঞান কলেজ শিতানত জাগীৰোড কলেজে ১৫১ নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছএ। উল্লেখ্য যে, সোণাপুৰ মহাবিদ্যালয়ে বেষ্ট আৰ্টচ কলেজ শিতানত ২০১৮ চনৰ পৰাই দেশৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

ইণ্ডিয়া টুডে দেশৰ বিভিন্ন মহাবিদ্যালয়ৰ কাৰ্যব্যৱস্থা, একাডেমিক ব্যৱস্থাপনা, আন্ত:গাঠনি, ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিকৰ পৰিৱেশ, লিডাৰশ্বিপ ডেভেলপমেন্ট , কেৰিয়াৰ আৰু প্লেছমেন্ট, শৈক্ষিক বাতাবৰণ, আদিৰ ওপৰত ভিত্তি কৰি এই মান নিৰূপণ কৰে।

অসমৰ কেইবাখনো মহাবিদ্যালয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত এনে স্থান লাভ কৰাতো অসমৰ শৈক্ষিক ক্ষেত্ৰখনৰ বাবে এক গৌৰৱৰ বিষয়। সোণাপুৰ মহাবিদ্যালয়ৰ অধ্যথক্ষ দেৱব্ৰত খনিকৰে এই সফলতাৰ বাবে মহাবিদ্যালয় খনৰ অধ্যাপক, অধ্যাপিকাৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰী সকলৰ একাগ্ৰতা, পৰিশ্ৰমৰ ফল বুলি মন্তব্য কৰে।

আৰু পঢ়ক: নিজৰ মাতৃভাষাক সন্মান জনোৱা উচিত: মাকুমত শংকৰজ্যোতি বৰুৱা

assam sonapur college india today best college