/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/8f788857-5418-4885-90af-6a5e83f78694/assembly_111.jpg)
ডিজিটেল ডেস্ক : বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি দ্বিতীয় দিন। দ্বিতীয় দিনাও উত্তাল বিধানসভাৰ চৌহদ। অধ্যক্ষৰ ভূমিকাত অসন্তুষ্ট হৈ কংগ্রেছৰ সদন ত্যাগ। প্রশ্নোত্তৰ কালত সময়ৰ অভাৱ আৰু সময়ৰ অভাৱত পৰিপূৰক প্রশ্ন উত্থাপন কৰাৰ পৰা বাৰন কংগ্রেছক।
যাৰ বাবে সদন ত্যাগ কৰে কংগ্রেছে। বিৰোধী বিধায়ক ৰকিবুল হুছেইনে মন্তব্য কৰে- ‘মূল প্রশ্নকৰ্তাৰ উপৰিও আন বিধায়কক পৰিপূৰক প্রশ্ন কৰিব দিব লাগে’। ‘এয়া পুৰণি নিয়ম’। কিন্তু অধ্যক্ষৰ মতে এতিয়া এই নিয়ম নচলে।
‘ইতিমধ্যে ইয়াক লৈ আলোচনা হৈ গৈছে’। অধ্যক্ষৰ মতে পূৰ্বৰ অধ্যক্ষই এই নিয়ম বনাই থৈ গৈছে। ‘যদি সেই নিয়ম নালাগে, তেন্তে নতুন নিয়ম বনাই লওঁক’। এই অভিযোগ কংগ্রেছৰ বিধায়ক ৰকিবুল হুছেইনৰ।
আনহাতে, ‘এয়া বিৰোধীৰ মুখ বন্ধ কৰাৰ ষড়যন্ত্র’। এতিয়াৰে পৰা এটা প্রশ্ন আৰু উত্তৰৰ বাবে ৫মিনিট সময় নিৰ্ধাৰণ কৰাৰ কথাও ব্যক্ত কৰে কংগ্ৰেছী বিধায়কগৰাকীয়ে।