২ আগষ্টত ঘোষণা হ’ব পলিটেকনিকৰ ফলাফল

২ আগষ্টত ঘোষণা হ’ব পলিটেকনিকৰ ফলাফল

author-image
asomiyapratidin
New Update
ফলাফলৰ নাটক কিয়? মাৰ্কশ্বিটক মান্যতা প্ৰদান কৰকঃ দুৰ্নীতি বিৰোধী যুৱশক্তি অসমৰ দাবী

ডিজিটেল ডেস্কঃ পেট অৰ্থাৎ 'আছাম পলিটেকনিক এডমিশ্যন টেষ্ট' ২০২২ৰ ফলাফল ঘোষণা কৰা হ'ব ২ আগষ্ট ২০২২, মঙ্গলবাৰে। এই কথা টুইটাৰযোগে ঘোষণা কৰিছে শিক্ষা মন্ত্ৰী ড০ ৰণোজ পেগুৱে।

Advertisment


— Ranoj Pegu (@ranojpeguassam) July 30, 2022

উল্লেখ্য যে, যোৱা ২৪ জুলাইত অনুষ্ঠিত হোৱা এই 'আছাম পলিটেকনিক এডমিশ্যন টেষ্ট'ৰ ফলাফল ডিৰেক্টৰেট অৱ টেকনিকেল এডোকেশ্যন (DTE), আছাম পেজত উপলব্ধ হ'ব।

dte.assam.gov.in. এই লিংকত গৈ পৰীক্ষাৰ্থী সকলে নিজৰ ফলাফল সমূহ চাব পাৰিব। লিংকটোত গৈ নিজৰ ৰোল নম্বৰ আৰু জন্মৰ তাৰিখ উল্লেখ কৰিব লাগিব। আবেলি ৪ বজাত লিংকটোত ফলাফল উপলব্ধ হ'ব। আনহাতে পৰীক্ষা সংক্ৰান্তিয় আন কিছু তথ্যও লিংকটোত গৈ পৰীক্ষাৰ্থীসকলে চাব পাৰিব।

কেনেকৈ চাব আপোনাৰ ৰিজাল্টঃ

প্ৰথমে অফিচিয়েল ৱেবচাইট  dte.assam.gov.in লৈ যাওক। তাৰ পিছত 'Polytechnic Admission Test- 2022  লিংকত ক্লিক কৰক। ইয়াৰ পিছত নিজৰ ৰোল নম্বৰ দাখিল কৰক। ইয়াৰ লগে লগে আপোনাৰ কম্পিউটাৰ বা মোবাইলৰ স্ক্ৰীণত দেখা পাব আপোনাৰ ৰিজাল্ট।