/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/face-‘SPEAKER-SERIES’-digital.jpg)
ডিজিটেল ডেস্কঃ দ্য এডভাৰ্টাইজিং ক্লাৱ, গুৱাহাটীয়ে বিজ্ঞাপন উদ্যোগৰ প্ৰচাৰ, বিকাশ আৰু সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰিব বিচাৰে আৰু প্ৰথম বৰ্ষৰ পৰাই ক্লাৱটোত বিজ্ঞাপন আৰু মিডিয়া উদ্যোগৰ পেচাধাৰীসকলক সদস্য হিচাপে অন্তৰ্ভুক্ত কৰিছে। জ্ঞান আহৰণ, ৰচনাত্মকতা আৰু সঞ্চাৰৰ এক সুন্দৰ যাত্ৰাৰে অসমত প্ৰতিভা বিকাশৰ বাবে কাম কৰিবলৈ আগ্ৰহী দ্য এডভাৰ্টাইজিং ক্লাৱ, গুৱাহাটী। এই ক্লাৱৰ সদস্যসকলে ইতিমধ্যে আলোচনাচক্ৰ, বিভিন্ন অনুষ্ঠান আৰু বহু সন্মিলনত অংশ লৈছে আৰু ইয়াৰ সৈতে সম্পৰ্কীয় সুবিধাসমূহৰ বিষয়ে অধিক জানিব আৰু আগবাঢ়িবলৈ এই মঞ্চখনক ব্যৱহাৰ কৰিছে।
সেয়েহে এইবাৰ এই অনুষ্ঠানটোৱে আয়োজন কৰিছে 'স্পিকাৰ ছিৰিজ' শীৰ্ষক এক অনুষ্ঠান। এই অনুষ্ঠানৰ লক্ষ্য হ'ল- এই ক্ষেত্ৰখনত সফলতা অৰ্জন কৰা বিশিষ্ট অতিথিসকলৰ দ্বাৰা মন-বিনিময়ৰে অভিজ্ঞতা অৰ্জন আৰু অভিজ্ঞতা বিনিময় কৰা। সেয়েহে দ্য এডভাৰ্টাইজিং ক্লাৱ, গুৱাহাটীয়ে কিৰণশ্ৰী প'ৰ্টিকত ১০ এপ্ৰিল, ২০১৯ত আয়োজন কৰা এই অনুষ্ঠানলৈ আমন্ত্ৰণ কৰিছে কেইবাজনো বিশিষ্ট অতিথিক।
/https://media.assettype.com/asomiyapratidin/import/2019/04/The-Advertising-Club-Guwahati-initiates-‘SPEAKER-SERIES’.jpg)
উল্লেখ্য যে, দ্য এডভাৰ্টাইজিং ক্লাৱ, গুৱাহাটীয়ে 'স্পিকাৰ ছিৰিজ' শীৰ্ষক অনুষ্ঠানটোত সদস্য আৰু অতিথিসকলৰ সৈতে গুৱাহাটীৰ প্ৰকাশক, উদ্যোক্তা, বিজ্ঞান আৰু মিডিয়াৰে জড়িত লোকে মত-বিনিময় কৰিব। অনুষ্ঠানটোত অংশ ল'ব মালবিকা আৰ হৰিতা, প্ৰতীক গুপ্তা আৰু ৰজত ছেঠীৰ দৰে বিশিষ্ট ব্যক্তিসকলে। তেওঁলোকে অনুষ্ঠানটিত তেওঁলোকৰ সফলতাৰ যাত্ৰাৰ বিষয়েও সদস্যসকলক অৱগত কৰিব।
মালবিকা আৰ হৰিতাঃ
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/b5ff4f91-e37a-48ba-9f80-5f3b9d7be507.jpg)
মালবিকা আৰ হৰিতা প্রথম গুৰুকুল চিভেনিঙৰ এগৰাকী স্ক'লাৰ যি লণ্ডন স্কুল অৱ ইক'ন'মিকছ অন গ্ল'বেলাইজেশ্যনত ল'ৰ্ড মেঘনাদ দেশায়ে বিশেষ কাৰ্যসূচীৰ বাবে বাচনি কৰিছিল। বাংগালুৰু আই আই এমৰ পৰা ডিষ্টিংগুইছড এলুমনী বঁটা লাভ কৰা তেওঁ প্ৰথমগৰাকী মহিলা। তদুপৰি তেওঁ বাংগালুৰু আই আই এম বি এলুমনী এছ'চিয়েশ্যন আৰু এডভাৰটাইজিং ক্লাৱ বাংগালুৰুৰ অধ্যক্ষা ৰূপেও দায়িত্ব পালন কৰিছিল। তেওঁ যোৱা ২৫ বছৰে ভাৰতৰ বহু কেইখন প্ৰবন্ধন আৰু সঞ্চাৰৰ স্নাতকোত্তৰ সংস্থানত মাৰ্কেটিং আৰু কমিউনিকেশ্যন পাঠ্যক্ৰমত পাঠদান কৰি আহিছে। তেওঁৰ বিশ্বাস জ্ঞান বিতৰণ কৰাতোৱে শিকাৰ অন্যতম পথ।
তেওঁ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেন্ট, বিশ্বাখাপট্টনমৰ বৰ্ড অৱ গবৰ্ণৰছ, গবৰ্ণিং কাউন্সিল অৱ মাউণ্ট কেৰমেল কলেজ আৰু ইণ্ডিয়া ইনষ্টিটিউট অৱ মেনেজমেন্ট,বাংগালুৰুৰ এন এছ আৰ চি ই এলৰ এডাইছৰী বৰ্ডৰ সদস্য। প্ৰচাৰ, ডিজিটেল মাৰ্কেটিং আৰু নাৰীক শক্তিশালী কেনেকৈ কৰা হয় সেই বিষয়ে তেওঁ শিকায়।
প্ৰতীক গুপ্তাঃ
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/752c1614-a347-4c67-80e1-9a3cbca56b17.jpg)
প্ৰতীক গুপ্তা ফ'ক্সিমৰণৰ সহ-প্ৰতিষ্ঠাপক। ২০১২ত তেওঁ ডিজিটেল জগতখনৰ শীৰ্ষ ১০০জনৰ ভিতৰত ৫০সংখ্যক স্থান লাভ কৰিছিল আৰু ২০১৩ত ৭০ সংখ্যাক স্থান লাভ কৰিছিল। ইমপেক্ট আলোচনীয়ে প্ৰদান কৰিছিল এই সন্মান। গুপ্তাই মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা মেনেজমেন্টত স্নাতক ডিগ্ৰী লাভ কৰিছিল।
ফ'ক্সিমৰণৰ পূৰ্বে প্ৰতীক গুপ্তাই বালাজী টেলিফিল্মছ প্ৰাইভেট লিমিটেডত বিজনেছ ডেভেলপ্টমেন্ট এগজিকিউটিভ হিচাপে কৰ্মৰত আছিল। নতুন নতুন শৈলীৰে ব্যৱসায় বৃদ্ধি কৰাৰ কাম কৰিছিল তেওঁ। লগতে তেওঁ কেষ্ট্ৰল ইণ্ডিয়া লিমিটেডতো কৰ্ম সম্পাদন কৰিছিল। তেওঁ বজাৰৰ তথ্য সন্দৰ্ভত গৱেষণা কৰি মাৰ্কেটিঙৰ নতুন দিশ, আইডিয়াৰে ডিজিটেল মাৰ্কেটিঙক নতুনত্ব প্ৰদান কৰিছিল। ফ'ক্সিমৰণত ব্যৱসায় অধিগ্ৰহণ, ব্যৱসায় নীতি আৰু ক্লাইণ্ট ৰোষ্টৰ অধিক শক্তিশালী কৰাত তেওঁৰ বহু ভূমিকা আছে।
ৰজত ছেঠীঃ
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/aa732a91-8095-4661-8df2-ab39f77f5f09.jpg)
ৰজত চেঠী ৰাষ্ট্ৰীয় সুৰক্ষা আৰু প্ৰশাসন সন্দৰ্ভত মণিপুৰ মুখ্যমন্ত্ৰীৰ প্ৰধান-উপদেষ্টা। তেওঁ মুলত ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু গবৰ্ণেন্স সন্দৰ্ভত মুখ্যমন্ত্ৰীক পৰামৰ্শ প্ৰদান কৰে। শাসকীয় দলটো বিজেপিক উত্তৰ-পূবৰ ৰাজনীতি ক্ষেত্ৰত অধিক প্ৰভাবান্বিত কৰাত তেওঁৰ অৰিহণা আছে।
ইয়াৰ পূৰ্বে তেওঁ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ উপদেষ্টা হিচাপেও কাম কৰিছিল। ভাৰতীয় অৰ্থনীতি আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰ সন্দৰ্ভত তেওঁৰ যথেষ্ট দখল আছে। ছেঠীয়ে হাৰ্ৱৰ্ড বিশ্ববিদ্যালয়ৰ পৰা পাব্লিক পলিচী বিষয়ত স্নাতক আৰু এম আই টি স্লোন স্কুলৰ পৰা মেনেজমেন্টত স্নাতক পাছ কৰিছিল। তেওঁ খৰগপুৰ আই আই টিৰ পৰা দুটা বিষয়ত ডিগ্ৰীধাৰী। তেওঁ 'দ্য লাষ্ট বেটল অৱ শৰাইঘাট' শীৰ্ষক এখন কিতাপতো সহ-লিখক আছিল, যিখন গ্ৰন্থই উত্তৰ-পূবত বিজেপিক অধিক শক্তিশালী কৰাত সহায় কৰিছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us