আজি বিশিষ্ট সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ ৯২সংখ্যক জন্মদিন : ৰাজ্য চৰকাৰৰ বিশেষ অনুষ্ঠান

আজি বিশিষ্ট সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ ৯২সংখ্যক জন্মদিন : ৰাজ্য চৰকাৰৰ বিশেষ অনুষ্ঠান

ডিজিটেল ডেস্কঃ আজি বিশিষ্ট সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ ৯২সংখ্যক জন্মদিৱস। বিংশ শতিকাৰ পৰা একবিংশ শতিকালৈকে অসমীয়া জাতীয় জন-জীৱনৰ মহীৰূহ, অভিভাৱক তথা পথ প্রদর্শকৰ ভূমিকা পালন কৰা এজন ব্যক্তি আছিল হোমেন বৰগোহাঞি।  সবল ব্যক্তিত্ব আৰু উচ্চ চিন্তাৰ অধিকাৰী হোমেন বৰগোহাঞি আছিল একাধাৰে  সাহিত্যক, শিক্ষাবিদ, বুদ্ধিজীৱী, সাংবাদিক আৰু লগতে এজন একনিষ্ঠ সমাজ সেৱক।

সৃষ্টিশীল আৰু সমৃদ্ধিশালী ৰচনা সম্ভাৰেৰে জাতীয় সাহিত্যক বিশ্বৰ আগত সফলতাৰে দাঙি ধৰাৰ সমান্তৰালকৈ বিভিন্ন জনপ্ৰিয় তথা উচ্চ মানদণ্ডৰ আলোচনী সম্পাদনাৰ জৰিয়তে সমগ্ৰ অসমতে ধনাত্মক তথা ইতিবাচক বৌদ্ধিক চিন্তাৰ বিকাশ সাধন কৰাৰ ক্ষেত্ৰত হোমেন বৰগোহাঞিৰ ভূমিকা আছিল অপৰিসীম। 

বিশিষ্ট সাহিত্যিক গৰাকীৰ জন্মদিৱস উপলক্ষে মুখ্যমন্ত্রীৰ কাৰ্যালয় লোকসেৱা ভৱনত আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠানৰ। এই অনুষ্ঠানত ২৩ গৰাকী সাহিত্যিকক ২০২৩ বৰ্ষৰ সাহিত্যিক পেন্সন প্রদান কৰা হ’ব। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা।

আজি বিশিষ্ট সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ ৯২সংখ্যক জন্মদিন : ৰাজ্য চৰকাৰৰ বিশেষ অনুষ্ঠান
নগাঁৱত উদ্ধাৰ যুৱকৰ মৃতদেহ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in