কচুৱাৰ শ্ৰী শ্ৰী মাধৱ থানত ৮৭ তম অশোক অষ্টমী মেলা

আজি অশোক অষ্টমী। নগাঁৱৰ জিলাৰ কচুৱাৰ মাধৱপাৰাস্থিত শ্ৰী শ্ৰী মাধৱ থানত বিগত বৰ্ষবোৰৰ দৰে এইবাৰো অশোক অষ্টমী অনুষ্ঠিত হয়। অশোক অষ্টমী উপলক্ষে পুৱাই ভক্তপ্ৰাণ ৰাইজে বৰপানী নদীত স্নান কৰে।

author-image
Asomiya Pratidin
New Update
অশোক অষ্টমী মেলা

অশোক অষ্টমী মেলা

ডিজিটেল সংবাদ, কামপুৰ: আজি অশোক অষ্টমী। নগাঁৱৰ জিলাৰ কচুৱাৰ মাধৱপাৰাস্থিত শ্ৰী শ্ৰী মাধৱ থানত বিগত বৰ্ষবোৰৰ দৰে এইবাৰো অশোক অষ্টমী অনুষ্ঠিত হয়। অশোক অষ্টমী উপলক্ষে পুৱাই ভক্তপ্ৰাণ ৰাইজে বৰপানী নদীত স্নান কৰে।

অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু ভক্ত সমাগম হয় এই অশোক অষ্টমী অনুষ্ঠানত। ইফালে অশোক অষ্টমীৰ উপলক্ষে নাম-কীৰ্তনৰ লগতে দিনযোৰা বিভিন্ন মাংগলিক কাৰ্যসূচী অনুস্থিত হ'ব।

উল্লেখযোগ্য যে, চ’ত মাহৰ শুক্লা অষ্টমী তিথিত পালন কৰা এক ধৰ্মীয় উৎসৱ হৈছে অশোক অষ্টমী। এই দিনটো মহাবাহু ব্ৰহ্মপুত্ৰৰ জন্মতিথি আৰু গংগাকে আদি কৰি পুণ্যতীৰ্থবোৰ সেইদিনা ব্ৰহ্মপুত্ৰত মিলিত হয় বুলি প্ৰচলিত বিশ্বাস আছে। সেইদিনা ব্ৰহ্মপুত্ৰত স্নান (শুদ্ধিস্নান) আৰু তৰ্পণ কৰিলে অক্ষয় পুণ্য লাভ হোৱাৰ লগতে শোক নিবাৰণ হয় বুলি বিশ্বাস কৰা হয়।

কচুৱা