/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-08/p0zijymj/3.jpg)
ডিজিটেল সংবাদ,ৰঙিয়া: ৰঙিয়া জিলা কাৰাটে সন্থাৰ উদ্যোগত তৰণীস্থিত আৰিমত্ত মিনি ষ্টেডিয়ামত দেওবাৰে এদিনিয়াকৈ চতুৰ্থ বাৰ্ষিক কাৰাটে প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাখনৰ উদ্বোধন কৰে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই।
কাটা আৰু কুমিতে উভয় শাখাত প্ৰায় আঢ়ৈশ ল'ৰা আৰু ছোৱালীয়ে অংশগ্ৰহণ কৰে। খেলখন উদ্বোধন কৰি সাংসদ দিলীপ শইকীয়াই কয় যে, ৰঙিয়া জিলা কাৰাটে সন্থা ৰাজ্যখনৰ ভিতৰত অন্যতম মুখ্য ৰূপত পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে। দিনে দিনে কাৰাটেৰ খেলৰ প্ৰচাৰ আৰু ৰঙিয়া জিলা কাৰাটে সন্থাৰ প্ৰসাৰ বাঢ়িছে।
তেওঁ লগতে কয় যে কাৰাটে অতি প্ৰাচীন খেল। এই খেলবিধ মনোৰঞ্জনৰ লগতে আত্মৰক্ষাৰ বাবে প্ৰাচীন কালৰ পৰা ব্যৱহৃত হৈ আহিছে। বৰ্তমান সময়ৰ জটিল পৰিস্থিতিত বিশেষকৈ ছোৱালী সকলে এই খেলবিধৰ প্ৰশিক্ষণ লোৱাটো জৰুৰী হৈ পৰিছে ।
Also Read: বিশ্বশান্তিৰ বাবে খানাপাৰাত ৯ৰ পৰা ১৬ ছেপ্টেম্বৰলৈ মহাযজ্ঞৰ আয়োজন...
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us