২০২২ বৰ্ষৰ 'প্ৰণৱ বৰুৱা শিল্পী বঁটা' চিত্ৰ শিল্পী কিৰণ শংকৰলৈ

২০২২ বৰ্ষৰ প্ৰণৱ বৰুৱা শিল্পী বঁটা চিত্ৰ শিল্পী কিৰণ শংকৰলৈ

author-image
Asomiya Pratidin
New Update
২০২২ বৰ্ষৰ 'প্ৰণৱ বৰুৱা শিল্পী বঁটা' চিত্ৰ শিল্পী কিৰণ শংকৰলৈ

২০২২ বৰ্ষৰ প্ৰণৱ বৰুৱা শিল্পী বঁটা চিত্ৰ শিল্পী কিৰণ শংকৰলৈ

ডিজিটেল ডেস্ক: চিত্ৰকলা চৰ্চাৰ জৰিয়তে সমাজত সুন্দৰৰ বিকাশ ঘটোৱাৰ অহোপুৰুষাৰ্থ কৰা প্ৰয়াত চিত্ৰশিল্পী প্ৰণৱ বৰুৱাৰ স্মৃতিত চিত্ৰকলা আৰু ভাস্কৰ্যৰ ক্ষেত্ৰত জীৱনযোৰা সাধনাৰ স্বীকৃতি স্বৰূপে প্ৰতিবছৰে উত্তৰ পূৰ্বাঞ্চলৰ একোজন শিল্পীলৈ এই বঁটা আগবঢ়াই অহা হৈছে। ২০০২ চনৰ পৰাই প্ৰণৱ বৰুৱা শিল্পী বঁটা আগবঢ়াই অহা হৈছে একোজন শিল্পীলৈ । এই বঁটাত আছে এটি সুদৃশ্য স্মাৰকৰ সৈতে এখনি প্ৰশস্তি আৰু নগদ ২৫ হাজাৰ টকা।  

Advertisment

১৯৪৯ চনৰ ২৫ নৱেম্বৰ তাৰিখে নগাওঁ জিলাৰ চিমনাবস্তিত জন্মগ্ৰহণ কৰিছিল চিত্ৰশিল্পী কিৰণ শংকৰে। শৈশৱতে শ্ৰেণীকোঠাত কিৰণ শংকৰৰ হাতৰ আখৰ আৰু ছবি অকাৰ পাৰদৰ্শিতাই শিক্ষক সকলৰ দৃষ্টি আকৰ্ষণ কৰিছিল।

কলপাতত আখৰ লিখা আৰু শিলিখাৰে চিঞাহী বনাই বাঁহৰ কলমেৰে চিত্ৰাঙ্কণ কৰা কিৰণৰ মাজত শিক্ষাগুৰুসকলে সম্ভাৱনাপূৰ্ণ চিত্ৰশিল্পীক আৱিস্কাৰ কৰে। পৰৱৰ্তীসময়ত পিতৃৰ অকাল বিয়োগৰ পাছত প্ৰতিকূল পৰিস্থিতিত হাতৰ আখৰ আৰু চিত্ৰাঙ্কনকেই তেওঁ জীৱিকা নিৰ্বাহৰ সমল কৰি লয়।

জীৱন সংগ্ৰামত সৃষ্টিশীল কলাৰ পৃথিৱীখনৰ পৰা আঁতৰি যাবলৈ উপক্ৰম হোৱা কিৰণ শংকৰক শিল্পী প্ৰণৱ বৰুৱাই পুনৰ আৱিষ্কাৰ কৰি কল্লোল চিত্ৰাঙ্কণ বিদ্যালয়ৰ সৈতে জড়িত কৰে। তাৰ পিছৰে পৰা নৱ প্ৰজন্মক চিত্ৰ কলা শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লগতে প্ৰতিভাসম্পন্ন যুৱক-যুৱতীক চিত্ৰশিল্পী হিচাপে গঢ়ি তোলাত দায়িত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে কিৰণ শংকৰে।  

২০০২ চনৰ পৰা প্ৰৱৰ্তন কৰা এই বঁটা ইতিমধ্যে অসমৰ যশস্বী শিল্পী শোভা ব্ৰহ্ম, বেণু মিশ্ৰ, নীলপৱন বৰুৱা, আদ্য শৰ্মা, বীৰেণ সিংহ, ননী বৰপূজাৰী, পুলক গগৈ, জীতেন হাজৰিকা, জনক ঝংকাৰ নাৰ্জাৰী, কুশকান্ত দেৱগোস্বামী, ৰবিৰাম ব্ৰহ্ম, ত্ৰৈলোক্য দত্ত, চালেহা আহমেদ, কন্দৰ্প নাথ শৰ্মা, মণিপুৰৰ টি টম্বি সিং, কুলচন্দ্ৰ এম থেম, ত্ৰিপুৰাৰ চিন্ময় ৰয়, মিজোৰামৰ ট্ৰাং ৰখুমা, অৰুণাচল প্ৰদেশৰ টাকাৰ ৰিবা আৰু নাগালেণ্ডৰ বুদ্ধি থাপাক প্ৰদান কৰা হৈছে।   

আৰু পঢ়ক: চিৰাঙৰ আমগুৰী-খাগৰাবাৰী এম ই স্কুলত সামূহিক উৎসৱ উদযাপন

assam artist