বিশ্বৰ শ্ৰেষ্ঠ তেজপুৰ বিশ্ববিদ্যালয়

বিশ্বৰ শ্ৰেষ্ঠ তেজপুৰ বিশ্ববিদ্যালয়

author-image
asomiyapratidin
New Update
বিশ্বৰ শ্ৰেষ্ঠ তেজপুৰ বিশ্ববিদ্যালয়

ডিজিটেল ডেস্কঃ বিশ্ববিদ্যালয়ৰ গুণগত শিক্ষা লাভৰ বাবে আপুনি এতিয়া বাহিৰলৈ যাব নালাগে। বিশ্বৰ শ্ৰেষ্ঠত্ব অৰ্জন কৰা বিশ্ববিদ্যালয়খন আছে অসমতে। ২০১৮ চনত প্ৰকাশ কৰা দ্যা ৱৰ্ল্ড বেষ্ট স্মল ইউনিভাৰ্চিটিছ ২০১৮ৰ তালিকাত স্থান লাভ কৰিছে তেজপুৰ বিশ্ববিদ্যালয়ে।

Advertisment

এই তালিকাত শীৰ্ষ স্থানত আছে কেলিফৰ্ণিয়া ইনষ্টিটিউট অৱ টেকনলজি। আমেৰিকাত থকা এই বিশ্ববিদ্যালয়খনৰ মুঠ ছাত্ৰৰ সংখ্যা ২২০৯জন। তালিকাৰ দ্বিতীয় স্থানত আছে ফ্ৰান্সৰ এখন বিশ্ববিদ্যালয়। ইকলে' পলিটেকনিকৰ মুঠ ছাত্ৰৰ সংখ্যা ২৭৯৯জন।

তালিকাত বিশ্বৰ আন দেশৰ সৰু বিশ্ববিদ্যালয়ৰ সৈতে ফেৰ মাৰি ২০ নং স্থানত থকা অসমৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ মুঠ শিক্ষাৰ্থীৰ সংখ্যা ৩৬১১গৰাকী।

১৯৯৪চনত সংসদত গৃহীত এক আইন অনুসৰি তেজপুৰ বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল। এই বিশ্ববিদ্যালয়খন প্ৰথম অৱস্থাত দৰং কলেজৰ পৰা পৰিচালনা কৰা হৈছিল। নপামত থকা তেজপুৰ বিশ্ববিদ্যালয়ৰ নপামত থকা মূল কেম্পাছটোৰ মাটিকালি ২.৪ বৰ্গ কিঃমিঃ। বিশ্ববিদ্যালয়খনৰ ৫টা ল'ৰা ছাত্ৰাৱাস আৰু ৭টা ছাত্ৰীৰ ছাত্ৰাৱাস আছে।

২১টা বিভাগ থকা এই বিশ্ববিদ্যালয়খনৰ অধীনত আছে স্কুল অৱ ছায়েন্স, স্কুল অৱ হিউমেনিটিছ এম্ড ছ'চিয়েল ছায়েন্স, স্কুল অৱ মেনেজমেণ্ট ছায়েন্স, স্কুল অৱ ইঞ্জিনিয়াৰিং। স্কুল অৱ ছায়েন্স ৫টা বিভাগত বিভক্ত। সেইকেইটা হ'ল- ডিপাৰ্টমেণ্ট অৱ কেমিকেল ছায়েন্স, ডিপাৰ্টমেণ্ট অৱ মেথমেটিকেল ছায়েন্স, ডিপাৰ্টমেণ্ট অৱ মলিকিউলাৰ বায়'লজী এণ্ড বায়' টেকনলজি, ডিপাৰ্টমেণ্ট অৱ ফিজিক্স, ডিপাৰ্টমেণ্ট অৱ এনভাইৰ'মেণ্টেল ছাইন্স। স্কুল অৱ ইঞ্জিনিয়াৰিঙৰ অধীনত বি. টেক আৰু এম. টেকৰ লগতে পি এইচ ডি প্ৰদানৰো ব্যৱস্থা আছে।

বিশ্ববিদ্যালয়খনত থকা আন কেইটামান কেন্দ্ৰ আৰু কোষ হ'ল চেণ্টাৰ ফৰ আছামিজ ষ্টাডিছ, চেণ্টাৰ ফৰ ইনক্লুছিভ ডিপাৰ্টমেণ্ট, চেণ্টাৰ ফৰ ইনোভেশ্যন, ইনকোভেশ্যন এণ্ড এণ্টাৰপ্ৰিনিয়ৰশ্বিপ। দেশ-বিদেশৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা এই বিশ্ববিদ্যালয়খনৰ বৰ্তমানৰ উপাচাৰ্য প্ৰফেছৰ বিনোদ কুমাৰ জৈন।