তেজপুৰ চহৰৰ বহু ইতিহাসৰ সাক্ষী সেই আহঁত গছজোপা আৰু নাই...

তেজপুৰ চহৰৰ বহু ইতিহাসৰ সাক্ষী সেই আহঁত গছজোপা আৰু নাই...

author-image
Asomiya Pratidin
New Update
তেজপুৰ চহৰৰ বহু ইতিহাসৰ সাক্ষী সেই আহঁত গছজোপা আৰু নাই...

ডিজিটেল ডেস্কঃ শতবৰ্ষ গৰকা এজোপা গছ শেহতীয়াকৈ উভালি পৰিল। সেই গছজোপাৰ সন্মুখতেই সলনি হৈছিল তেজপুৰ চহৰখন। গছজোপা আছিল তেজপুৰৰ বহু উত্থান-পতনৰ অকথিত ইতিহাসৰ সাক্ষী। তেজপুৰ সদৰ থানাৰ চৌহদত থকা এই প্ৰকাণ্ড আহত গছ জোপা বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ৪মান বজাত উভালি পৰে।

Advertisment

শতবৰ্ষ গৰকা এই গছজোপা আশ্ৰয় আছিল বহু চৰাই-চিৰিকতি আৰু সৰীসৃপৰ আশ্ৰয়স্থলী। পুৱাৰ ভাগতে এই প্ৰকাণ্ড গছজোপা উভালি পৰাৰ ফলত কোনো লোক হতাহত হোৱা নাই যদিও বিদ্যুত সেৱাৰ লগতে মূল পথটোৰ যাতায়ত ভালেমান সময়ৰ বাবে ব্যাহত হৈ পৰে।

এক সমীক্ষাত পোহৰলৈ অহা অনুসৰি, অসমৰ মূল মূল চহৰৰ মাজভাগতে এনে শতবৰ্ষ গৰকা প্ৰায় ১০হাজাৰৰো অধিক গছ আছে। যোৱা দুটা বছৰত এনে ২০০ৰো অধিক পুৰণি গছ নাইকিয়া হোৱা বুলি এক সমীক্ষাত পোহৰলৈ আহিছিল।

তেজপুৰ