২৭ সংখ্যক পেঞ্চন সেৱা কেন্দ্ৰ উদ্ধোধন মন্ত্ৰী পীযুষ হাজৰিকাৰ…

২৭ সংখ্যক পেঞ্চন সেৱা কেন্দ্ৰ উদ্ধোধন মন্ত্ৰী পীযুষ হাজৰিকাৰ…

author-image
asomiyapratidin
New Update
২৭ সংখ্যক পেঞ্চন সেৱা কেন্দ্ৰ উদ্ধোধন মন্ত্ৰী পীযুষ হাজৰিকাৰ…

ডিজিটেল ডেস্ক :  তেজপুৰত পেঞ্চন সেৱা কেন্দ্ৰ উদ্ধোধন কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। বিগত ২৯ জুলাইত অসমৰ আটাইকেইজন মন্ত্ৰীয়ে ২৬খন জিলাত পেঞ্চন সেৱা কেন্দ্ৰ উদ্ধোধন কৰে। বুধবাৰে মন্ত্ৰী পীযুষ হাজৰীকাই ২৭ সংখ্যক পেঞ্চন সেৱা কেন্দ্ৰটি তেজপুৰত উদ্ধোধন কৰে।

কেন্দ্ৰটি উদ্ধোধন কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে প্ৰশাসনিক কাম-কাজ সৰলীকৃত কৰাৰ এটা অন্যতম উদাহৰণ হৈছে পেঞ্চন সেৱা কেন্দ্ৰ। আনহাতে, মৰিগাঁৱতো মন্ত্ৰী পীযুষ হাজৰিকাই সংবাদ মাধ্যমৰ আগত বিদ্যালয়ত অসমীয়া আৰু ইংৰাজী ভাষাৰ পাঠদানকলৈ চলি থকা বিতৰ্কৰ সন্দৰ্ভত মন্তব্য আগবঢ়ায়।

assam tezpur pijyush hazarika himanta biswa sarma bjp