
ডিজিটেল ডেস্ক: ৰাজ্যত পুনৰ সংঘটিত হৈছে শ্ৰমিকৰ মৃত্যু ঘটনা। তেজপুৰৰ এখন চাহ-বাগিচাত সংঘটিত হৈছে এই ঘটনা।
তেজপুৰৰ কঁঠালগুৰী চাহ বাগিছাত সংঘটিত হৈছে এই দুৰ্ভাগ্যজনক ঘটনা। কৰ্মৰত অৱস্থাত থকা দুই শ্রমিকৰ মৃত্যুৰ ঘটনাই জোকাৰিছে সমগ্ৰ অঞ্চল।
ঘৰৰ ওপৰৰ পৰা পৰি মৃত্যু হয় শ্রমিক দুয়োগৰাকীৰ। শ্রমিক দুজন ক্ৰমে ৰোহিত তাঁতী, ছৱি তাঁতী বুলি জানিব পৰা গৈছে। ঘটনাক লৈ এতিয়া বাগিচাখনত সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ।