সৰ্বভাৰতীয় আই ই এছ পৰীক্ষাত চতুৰ্থ স্থান লাভ তেজপুৰৰ অসীম কুমাৰ গোস্বামীৰ….

সৰ্বভাৰতীয় আই ই এছ পৰীক্ষাত চতুৰ্থ স্থান লাভ তেজপুৰৰ অসীম কুমাৰ গোস্বামীৰ….

author-image
asomiyapratidin
New Update
সৰ্বভাৰতীয় আই ই এছ পৰীক্ষাত চতুৰ্থ স্থান লাভ তেজপুৰৰ অসীম কুমাৰ গোস্বামীৰ….

ডিজিটেল সংবাদ তেজপুৰঃ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধীনত অনুষ্ঠিত  ২০২১ বৰ্ষৰ সৰ্বভাৰতীয় আই ই এছ পৰীক্ষাত  চতুৰ্থ স্থান লাভ কৰি তেজপুৰৰ এগৰাকী মেধাৱী ছাত্ৰই সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । তেজপুৰৰ অনিৰুদ্ধ নগৰৰ এই গৰাকী প্ৰচুৰ মেধাসম্পন্ন ছাত্ৰ অসীম কুমাৰ গোস্বামীৰ সফলতাত স্থানীয়  ৰাইজৰ লগতে ছাত্ৰছাত্ৰী সকলো অতিকৈ  উৎফুল্লিত হৈ পৰিছে ।

Advertisment

উল্লেখ্য যে শুকুৰবাৰে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধীনত অনুষ্ঠিত-২০২০ বৰ্ষৰ ভাৰতীয় ইঞ্জিনীয়াৰিং সেৱাৰ পৰীক্ষাৰ ফলাফল ঘোষণা হৈছিল । সেই অনুসৰি দেশৰ বিভিন্ন ৰাজ্যৰ পৰা এই পৰীক্ষাত অৱতীৰ্ন হোৱা পৰীক্ষাৰ্থীসকলৰ ভিতৰত  তেজপুৰৰ অসীম কুমাৰ গোস্বামীয়ে চতুৰ্থ স্থান লাভ কৰে । এইক্ষেত্ৰত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতে নিজৰ সফলতাত উৎফুল্লিত হৈ পৰা মেধাৱী ছাত্ৰ অসীম কুমাৰ গোস্বামীয়ে কয়, পৰীক্ষাত সফল হবৰ বাবে মই যথেষ্ঠ কষ্ট কৰিছিলো আৰু এই সফলতাৰ বাবে আজি মোক সকলোৱে বহুত মৰম আৰু আৰ্শীবাদ দিছে । আশা কৰিছো তেজপুৰৰ পৰা আৰু ছাত্ৰছাত্ৰীয়ে সৰ্বভাৰতীয় পৰীক্ষাত সফলতা লাভ কৰিব । 

উল্লেখ্য যে তেজপুৰৰ ডনবস্ক' বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত আৰু দৰং মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ন হোৱা অসীম কুমাৰ গোস্বামীয়ে ২০১৯ বৰ্ষত এন আই টি শিলচৰৰ ইলেক্ট্ৰিকেল ইঞ্জিনীয়াৰিঙত উত্তীৰ্ন হয় । ইয়াৰ পাছতে ২০২০ বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ আই ই এছ পৰীক্ষাত অৱতীৰ্ন হৈছিল । মেধাৱী ছাত্ৰ অসীমে জনোৱা মতে আই আই টি দিল্লীত এম এছ কৰি থকাৰ মাজতে সৰ্ব ভাৰতীয় আই ই এছ পৰীক্ষাৰ বাবে প্ৰস্ততি চলাইছিল । সৰ্বভাৰতীয় আই ই এছ পৰীক্ষাত চতুৰ্থ স্থান কৰি জিলিকি উঠা মেধাৱী ছাত্ৰ 
অসীম কুমাৰ গোস্বামী তেজপুৰৰ অনিৰুদ্ধ নগৰৰ নিবাসী বিৰাজ মোহন গোস্বামী আৰু নিভা দেৱীৰ একমাত্ৰ পুত্ৰ।