/asomiyapratidin/media/media_files/2025/02/28/bGM3rTXAUt6zB1kTer6D.jpg)
ডিজিটেল সংবাদ হাউলীঃ জীৱিত কালত শাসক পক্ষৰ বিৰুদ্ধে আৰু শোষিত জনগণৰ অধিকাৰৰ সপক্ষে বলিষ্ঠ কণ্ঠ আৰু কলমেৰে আমৃত্যু যুঁজ কৰি কৰি যোৱা আৰু অসমৰ জাতীয় জীৱনৰ এক বৰ্ণিল ইতিহাসক প্ৰতিনিধিত্ব কৰা সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ তেজপুৰৰ অসমীয়া কৃষ্টি-সংস্কৃতিৰ কিংবদন্তিৰ স্বাক্ষৰ বহন কৰি আছে তেওঁৰ বাসগৃহটোৱে। এই বাসগৃহক অসমৰ চিৰশাশ্বত ঐতিহ্যৰ এক অনন্য অংশ হিচাপে গঢ়ি তোলাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন কৰ্মীসকলৰ উমৈহতীয়া মঞ্চ প্ৰাক্তন ছাত্ৰ সতীৰ্থ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সদস্য তথা প্ৰচাৰ কোষৰ আহ্বায়ক আৰু হাউলী সংগ্ৰামী সতীৰ্থ সন্মিলনৰ উপদেষ্টা যুগান্ত বায়নে, এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি মত প্ৰকাশ কৰিছে।
যোৱা ২৬ ফেব্ৰুৱাৰী প্ৰাক্তন ছাত্ৰ নেতাগৰাকীয়ে তেজপুৰৰ কলাগুৰুৰ বাসগৃহত কলাগুৰুগৰাকীৰ পুত্ৰ বিধায়ক পৃথ্বীৰাজ ৰাভাক সাক্ষাৎ কৰি বাসগৃহটোৰ বৰ্তমানৰ জৰাজীৰ্ণ অৱস্থাৰ বিষয়ে এক মননশীল আলোচনাত মিলিত হয়। আলোচনাৰ সময়ত সতীৰ্থ সন্মিলনৰ তৰফৰ পৰা অসমৰ জাতীয় জীৱনৰ প্ৰতিটো সংকটপূৰ্ণ সময়ক প্ৰত্যাহ্বান জনাবলৈ সাহস জগোৱা এই ঐতিহ্যমণ্ডিত বাসগৃহটো অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতি ৰক্ষাৰ এক আপুৰুগীয়া সম্পদ আৰু ঐতিহ্য হিচাপে সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিধায়কগৰাকীক আহ্বান জনায়।
এইক্ষেত্ৰত বিধায়কগৰাকীয়ে বাসগৃহটো ঐতিহ্য চিহ্ন হিচাপে গঢ়ি তোলাৰ বাবে এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিব বুলি মতপ্ৰকাশ কৰে। বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ পিছত ৰজাঘৰ আৰু প্ৰজাঘৰে ৰাভাক প্ৰকৃত অৰ্থত মূল্যায়ন কৰিবলৈ আৰম্ভ কৰিছিল।
বিশেষকৈ অসম আন্দোলনৰ সময়ৰ পৰাই জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগতে বিষ্ণুপ্ৰসাদ ৰাভাৰ সৃষ্টিৰাজি আৰু আদৰ্শৰ পুনৰ মূল্যায়ন আৰম্ভ হৈছিল। এনে প্ৰেক্ষাপটত বাসগৃহটো এক ঐতিহ্য প্ৰকল্প হিচাপে গঢ়ি তোলাটো এক জাতীয় দায়িত্ব হিচাপে গ্ৰহণ কৰাটো সময়ৰ আহ্বান হিচাপে বিবেচিত হৈছে।