/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/5b3abe82-0726-4f2e-886b-465888d99e75/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল সংবাদ, তেজপুৰঃ অধিক ভয়ৱহতাৰ দিশে আগবাঢ়িছে বালিপৰাৰ বান পৰিস্থিতি ৷ জৰাসৰ নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে চাৰিদুৱাৰ বালিপৰাৰ বিস্তৰ্ণ অঞ্চল ৷ ঔহলা, ভোবোলা, ঢেকেৰী গাঁও, উদমাৰী গাওঁ, দীঘলী গাওঁ, দিঘলী বালিজানকে ধৰি কেইবাখনো গাওঁ ইতিমধ্যেই জলমগ্ন হৈ পৰিছে ৷
তদুপৰি বানত বুৰ্ গৈছে বালিপৰাৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়কে ধৰি কেইবাটাও চৰকাৰী কাৰ্যালয়। বান পৰিস্থিতিৰ বাবেই বিদ্যুত যোগান ব্যাহত হৈ পৰিছে অঞ্চলটোত ৷ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ উপৰেও পানী বাগৰাত স্বাভাৱিক জনজীৱন ব্যাহত হৈ পৰিছে৷ উল্লেখ্য যে, সপ্তম বাৰলৈ জৰাসৰ নদীৰ বাঢ়নী পানীয়ে বুৰাইছে বালিপৰাৰ বিস্তীৰ্ণ অঞ্চল।
এই বাঢ়নী পানীয়ে অসম অৰুণাচল পথৰ এটা বৃহৎ অংশ খহাই নিয়ে। আনহাতে যিকোনো সময়ত ভয়ংকৰ বিপদৰ আংশকা কৰিছে স্থানীয় সচেতন লোকে।
Also Read: বঢ়মপুৰক উপ-জিলা কৰাত আদৰণি; পিছে জিতু গোস্বামীৰ কৰ্মত অসন্তুষ্ট ৰাইজৰ দল