অৰুণাচলত অস্ত্ৰ সহ দুধৰ্ষ উগ্ৰপন্থীৰ আত্মসমৰ্পন…

অৰুণাচলত অস্ত্ৰ সহ দুধৰ্ষ উগ্ৰপন্থীৰ আত্মসমৰ্পন…

author-image
asomiyapratidin
New Update
অৰুণাচলত অস্ত্ৰ সহ দুধৰ্ষ উগ্ৰপন্থীৰ আত্মসমৰ্পন…

ডিজিটেল সংবাদ, তিনিচুকীয়া : ইষ্টাৰ্ণ নাগা নেশ্যনেল গৱৰ্ণমেণ্ট (ই এন এন জি) নামৰ সশস্ত্ৰ সংগঠনটোৰ এজন দুৰ্ধৰ্ষ সদস্যই মাৰণাস্ত্ৰসহ সোমবাৰে অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত আত্মসমৰ্পণ কৰে ৷

Advertisment

টিৰাপ জিলাৰ উপায়ুক্ত, অৰুণাচল আৰক্ষী আৰু ৬ আছাম ৰাইফলছৰ বিষয়াবৰ্গৰ উপস্থিতিত অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ উভতি অহা ই এন এন জিৰ দুৰ্ধৰ্ষ সদস্যজন স্বয়ম্ভু কেপ্তেইন আলাং নডাম বুলি প্ৰকাশ ৷

চুবুৰীয়া ৰাজ্যখনৰ লংডিং জিলাৰ খাচা গাঁৱৰ আলাং নডামে বিগত ২০১৬ চনত সশস্ত্ৰ সংগঠনটোত যোগদান কৰিছিল ৷ আত্মসমৰ্পণৰ সময়ত তেওঁ এটা পইণ্ট ৩২ এম এম পিষ্টল, এটা মেগজিন আৰু কেইবা জাঁই সজীৱ গুলী জমা দিয়ে ৷

আৰু পঢ়ক: ১ মিনিটত ২৫ খবৰ…

assam tinsukia