মিচিং স্বায়ত্ত্বশাসিত পৰিষদত ভয়ংকৰ অনিয়ম...

মিচিং স্বায়ত্ত্বশাসিত পৰিষদত ভয়ংকৰ অনিয়ম...

ডিজিটেল সংবাদ ,ধেমাজিঃ মিছিং  স্বায়ত্ত্বশাসিত পৰিষদৰ এগৰাকী কাৰ্য্যবাহী সদস্যাক ঠিকাদাৰে  আগতীয়াকৈ ধন নিদিলে কামৰ বিলত চহী নকৰা বাবেই ঠকাদাৰে   আদালতত গোচৰ দিবলগীয়া হোৱা কাণ্ডই  মিচিং স্বায়ত্ত্বশাসিত পৰিষদত সংঘটিত হৈ থকা  কেলেংকাৰী ঘটনা   পোহৰলৈ আহিছে ৷

উল্লেখ্য যে  মিছিং  জনগোষ্ঠীটোৰ সৰ্বাংগীণ উন্নয়নৰ বাবে গঠিত হোৱা  মিচিং স্বায়ত্ত্ব শাসিত পৰিষদখনৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰী  আৰু কাৰ্য্যবাহী সদস্য-সদস্যাৰ বাবেই   লুণ্ঠনৰ থলীলৈ পৰিণত হৈছে৷ পৰিষদখনৰ এলেকাধীন বিভিন্ন স্হানত ৰূপায়ণ কৰা কেতবোৰ আঁচনি সমূহৰ একাংশ ধন এই সকলৰ  বাবেই খীৰতী গাইলৈ পৰিণত হৈছে অভিযোগ উঠিছে ৷

প্ৰাপ্ত এক  অভিযোগ অনুসৰি,  ধেমাজি চিমেনচাপৰি অঞ্চলৰ লালী নৈৰ গৰা খহনীয়া ৰোধৰ বাবে ৰূপায়ণ কৰা এখন আঁচনিৰ ধনৰ ভাগ আগতীয়াকৈ নোপোৱাৰ বাবেই  কাম সম্পূৰ্ণ  হোৱাৰ পিছতো বিলত চহী নকৰাৰ  গুৰুতৰ অভিযোগ উত্থাপন হৈছে পৰিষদৰ সদস্যা ভৱানী দুৱৰাৰ বিৰুদ্ধে ৷  উপায়ন্তৰৰ হৈ ভুক্তভোগী ৰাজু দলে নামৰ   ঠিকাদাৰ জনে  আদালতত গোচৰ তৰিব  লগীয়া অৱস্থা হৈছে ৷ অভিযোগমতে  ঠিকাদাৰ জনে  মিছিং স্বায়ত্ত্বশাসিত পৰিষদৰ ORDER NO - MAC/17/22-23A/7/14/95 Dated 17/08/2023ৰ যোগে লালী নদীৰ অপ্সৰা নামৰ ঠাইত গৰাখহনীয়া ৰোধৰ বাবে ত্ৰিশ লাখ টকা আবন্টনৰ কাম কৰে৷  

ইতিমধ্যে ঠিকাদাৰে কাম সম্পূৰ্ণ কৰাৰ পিছতেই  পৰিষদৰ পাছঁজনকৈ  অভিযন্তাই অঞ্চলটো পৰিদৰ্শন কৰি কাম সম্পূৰ্ণ হোৱা বুলি Verification Report দিয়াৰ পিছতো ময়মতালিৰে মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ পাঁচ নং চিমেন - চমকং পৰিষদীয় সমষ্টিৰ জি.এম  ভবানী দুৱৰাই বিলত এই পৰ্যন্ত স্বাক্ষৰ নকৰাৰ ফলত কামত নিয়োজিত লোকসকলক প্ৰাপ্যধন দিব পৰা নাই ৷

ব’হাগ বিহুৰ প্ৰাকক্ষণত কামত নিয়োজিত লোকসকলক তেওঁলোকৰ প্ৰাপ্যধন দিব নোৱৰাৰ ফলত ক্ষোভৰ সৃষ্টি হৈছে কামত  নিয়োজিত লোকসকলৰ মাজত ৷ আচঁনিটোৰ কাম কৰা  ঠিকাদাৰ ৰাজু দলেয়ে ইতিমধ্যে জোনাইৰ আদালতত C.R. Case No - 07 /2024  Dated - 01/04/2024 যোগে মিছিং স্বায়ত্ত্বশাসিত পৰিষদৰ সদস্যা (জি.এম ) ভৱানী দুৱৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷

ত্ৰিশ লাখটকীয়া আঁচনিখনৰ বিনিময়ত ৯ লাখ ৩৮ হাজাৰ টকা দাবী কৰাৰ অভিযোগ উথাপন কৰি গোচৰ তৰিছে ৷ আনহাতে লালী নৈৰ গৰাখহনীয়াৰ নামত মিচিং স্বায়ত্ব শাসিত পৰিষদে একে ঠাইতে গৰাখহনীয়া নিয়ন্ত্ৰণৰ নামত ২০২২ চনত ২৫ লাখৰ উপৰিও পৰৰ্ৱতী দুবাৰকৈ একেটা বৰ্ষতে ৩০ লাখকৈ  আৱন্টন হোৱা কামৰ ভেকো ভাওনা হৈছে বুলিও স্থানীয় ৰাইজে গুৰুত্বৰ অভিযোগ কৰিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in