মঙলদৈত অগ্নিকাণ্ড! জুইত জাহ গ’ল সকলো…

মঙলদৈত অগ্নিকাণ্ড! জুইত জাহ গ’ল সকলো…

author-image
asomiyapratidin
New Update
মঙলদৈত অগ্নিকাণ্ড! জুইত জাহ গ’ল সকলো…

ডিজিটেল সংবাদ,মঙলদৈ: সোমবাৰে পুৱতি নিশা মঙলদৈৰ সৰু থেকেৰাবাৰীত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷

সৰু থেকেৰাবাৰীৰ নেজা আলিৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড৷ পৰিয়ালটোৰ সকলো সা-সম্পত্তি জাহ যায় এই অগ্নি কাণ্ডত।

অগ্নিকাণ্ডৰ ফলত পৰিয়াল লোক সকল কথমপি ৰক্ষা পৰে। নিশা শুই থকা অৱস্থাত সংঘটিত হয়এই অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ কাৰন এতিয়ালৈকে জানিব পৰা হোৱা নাই। অৱশ্যে মঙলদৈৰ অগ্নিনিৰ্বাপকৰ গাড়ীৰে জুই নিৰ্বাপন কৰিব সক্ষম হয়।

assam mangaldai