/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/bf06edec-1af2-424f-890f-d6327cc640ad/firev.jpg)
ডিজিটেল সংবাদ,বান্দৰদেৱা: লখিমপুৰ জিলাৰ হাৰমতী আৰক্ষী চকীৰ অধীনৰ মেৰবিল বৰদলনী গাঁৱৰ শিক্ষয়ত্ৰী কৃষ্ণা চুতীয়াৰ বাস গৃহত বুধবাৰে সন্ধিয়া ভয়ংকৰ অগ্নিকাণ্ড। অজ্ঞাত কাৰণত দাউ দাউকৈ জ্বলি ক্ষন্তেকতে চাই হৈ গ'ল পৰিয়ালটোৰ বাসগৃহ।
কথমপি জীৱন ৰক্ষা পৰিল ঘৰখনৰ দুই কনমানিৰ।জুইৰ প্ৰকোপ ইমানেই বেছি আছিল যে ঘৰৰ পৰা কোনো এপদো বস্তু উলিয়াবলৈ সক্ষম নহ'ল।সেই সময়ত কৃষ্ণা চুতীয়াৰ তিনিজন পুত্ৰৰ ভিতৰত কোনো এজনো ঘৰত নাছিল।কেৱল ঘৰত দুই বোৱাৰী আৰু দুই কনমানি নাতি সৈতে কৃষ্ণা চুতীয়া ঘৰত আছিল।
জানিব পৰা মতে সন্ধিয়া ধুণাবাঁতিৰ পৰাই জুই লগাৰ সন্দেহ।ইতিমধ্যে স্থানীয় শতাধিক ৰাইজে জুই নিৰ্বাপিত কৰাৰ পিছতহে বিহপুৰীয়া অগ্নিনিৰ্বাপক বাহন ঘটনাস্থলীত উপস্থিত হয়।
আৰু পঢ়ক: আফতাবৰ নতুন প্ৰেয়সী আছিল মনোৰোগ বিশেষজ্ঞ, শ্ৰদ্ধাৰ আঙুঠি দিছিল উপহাৰ আৰু...