/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/fire-2.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰ: কলিয়াবৰৰ বুঢ়াপাহাৰত শনিবাৰৰ নিশা ভয়ংকৰ অগ্নিকাণ্ড।বুঢ়াপাহাৰ চাহ বাগিছাৰ সমীপৰ এখন গেলা মালৰ দোকানত অগ্নিকাণ্ড।জুইৰ লেলিহান শিখাই নিমিষতে ভষ্মীভূত কৰি পেলায় দোকানখন।
সৌভাগ্যক্ৰমে সেই সময়ত দোকানত নাছিল কোনো ব্যক্তি।মুন্না আলি নামৰ ব্যক্তিজনৰ আছিল দোকানখন।জুইত জাহ যায় দোকানৰ সকলো বয় বস্তু।অগ্নিকাণ্ডৰ সূত্ৰপাত কেনেদৰে হয় জানিব পৰা হোৱা নাই।
ঘটনাস্থলীত উপস্থিত হয় কলিয়াবৰ অগ্নি নিৰ্বাপক বাহিনীৰ দল। স্থানীয় লোকৰ তৎপৰতাত আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।
আৰু পঢ়ক: ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ ইৰাণৰ চাবাহাৰ বন্দৰ পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…