জোনাই পূৰণা জেলম গাঁৱত অগ্নিকাণ্ড,ভস্মীভূত সা-সম্পত্তি…

জোনাই পূৰণা জেলম গাঁৱত অগ্নিকাণ্ড,ভস্মীভূত সা-সম্পত্তি…

author-image
asomiyapratidin
New Update
জোনাই পূৰণা জেলম গাঁৱত অগ্নিকাণ্ড,ভস্মীভূত সা-সম্পত্তি…

ডিজিটেল ডেস্ক, চিলাপথাৰ: জোনাইত আৰক্ষী থানাৰ অন্তৰ্গত পূৰণা জেলম গাঁৱত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। বুধবাৰে সংঘটিত হয় এই অগ্নিকাণ্ড।

Advertisment

মিচিং সকলৰ কৃষি ভিত্তিক উৎসৱ আলি আই লৃগাঙৰ দিনাই বুধবাৰে সন্ধিয়া প্ৰায় ৫.৩০ বজাত পূৰণা জেলম গাঁৱৰ বাবাই দলেৰ বাসগৃহত কোনো নথকা অৱস্থাত পাকঘৰৰ পৰা জুইৰ সূত্ৰপাত হৈ পাকঘৰটো নিমিষতে সম্পূৰ্ণ ভস্মীভূত হয়।

অগ্নিকাণ্ডৰ ফলত পৰিয়ালটোৰ সকলো সমস্ত সা-সম্পত্তি জ্বলি ছাই হয়। গাঁৱৰ ৰাইজে জুই নুমুৱাবলৈ আপ্ৰাণ চেষ্টা চলাই যদিও সক্ষম নহয় জুই নুমাবলৈ । ফলত পাকঘৰটো সম্পূৰ্ণ ভস্মীভূত হয়৷ অৱশ্যে মূল ঘৰটো জোনাই অগ্নিনিৰ্বাপক বাহিনীয়ে আহি জুই নুমাই ৰক্ষা কৰিবলৈ সক্ষম হয়৷

assam fire jonai